Breaking

প্ৰথমবাৰৰ বাবে আয়োজিত কামৰূপ জিলা দিৱস,২০২২ ৰ আজি সফল সমাপ্তি

0 1,056

চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপিত কামৰূপ জিলা দিৱসৰ আজি চতুৰ্থ তথা অন্তিম দিনা জিলাখনৰ বিভিন্ন দিশ সামৰি যুগুতোৱা তথ্যচিত্ৰ ‘কামৰূপ-এক অনিৰুদ্ধ যাত্ৰা’ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ তথ্যচিত্ৰখন মুকলি কৰি সাংসদ ভুৱনেশ্বৰ কলিতাই জিলা দিৱসৰ অনুষ্ঠানত জিলাখন সন্দৰ্ভত এইদৰে তথ্যচিত্ৰ প্ৰস্তুত কৰাৰ বাবে জিলা প্ৰশাসনৰ শলাগ লয় আৰু আগন্তুক দিনত জিলাখনে সকলো ক্ষেত্ৰতে আদৰ্শ জিলাৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে৷

আজিৰ কাৰ্যসূচীৰ ভিতৰত শিক্ষা বিভাগে অনুষ্ঠিত কৰা এক সভাত জিলাখনৰ শ্ৰেষ্ঠ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি আৰু শ্ৰেষ্ঠ মাতৃগোটসমূহক বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক খগেন তালুকদাৰে আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ পৰেশ বৈশ্যই৷আজিৰ অন্য এক আকৰ্ষণীয় অনুষ্ঠান আছিল দৰ্শক কুইজ প্ৰতিযোগিতা৷

বিশিষ্ট কুইজ মাষ্টাৰ দীপাংকৰ কৌশিকে পৰিচালনা কৰা মনোগ্ৰাহী দৰ্শক কুইজ প্ৰতিযোগিতাত ভাগ লৈ উপস্থিত সকলোৱে উপকৃত হয় আৰু আনন্দ লাভ কৰে৷আজিৰ কথাছবি প্ৰদৰ্শন শিতানত সোণৰ বৰণ পখী আৰু নিষিদ্ধ নদী কথাছবি প্ৰদৰ্শন কৰা হয়।সন্ধিয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়৷

আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হৈছে বিশিষ্ট কণ্ঠশিল্পী নেকিব হুছেইনৰ গীতৰ শৰাই আৰু বিশিষ্ট নৃত্যবিশাৰদ হেমন্ত কুমাৰ কলিতাৰ কথক নৃত্য পৰিবেশন৷

Leave A Reply