Breaking

আমিনগাঁৱত কামৰূপ জিলা পেন্সন সেৱা কেন্দ্ৰ মুকলি

0 1,535

পেন্সন সেৱা কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।আমিনগাঁৱস্থিত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এমট্ৰনৰ দ্বাৰা স্থাপিত কামৰূপ জিলাৰ পেঞ্চন সেৱা কেন্দ্ৰটি উদ্বোধন কৰি শিক্ষক সমাজক অভিনন্দন জনাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

জীৱনত অধিক সেৱাৰ মনোভাবেৰে কৰ্ম কৰা চৰকাৰী পেঞ্চনাৰসকলে পেঞ্চন লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা কষ্ট হ্ৰাস কৰাৰ বাবে আজি ২৭খন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হয় ৷এমট্ৰনে অনলাইন কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে পেঞ্চন সম্পৰ্কীয় বিষয় সন্নিৱিষ্ট আবেদন দাখিল কৰাৰ লগতে ছাৰ্ভিচ বুক স্কেন/আপলোড কৰাৰ সুবিধাৰ বাবে পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰিছে ।পেঞ্চনাৰসকলে নিজৰ নিজৰ জিলাত এই সেৱা কেন্দ্ৰৰ জৰিয়তে বিভিন্ন সুবিধা লাভ কৰিব পাৰিব আৰু এই সেৱাৰ দ্বাৰা পেঞ্চন লাভৰ প্ৰক্ৰিয়া এতিয়াৰে পৰা অধিক সৰলীকৃত হ’ব ৷

এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী OSD হেমন্ত চৌধুৰী, বিধায়িকা সুমন হৰিপ্ৰিয়া, বিধায়িকা নন্দিতা দাস, কামৰূপ জিলা উপায়ুক্ত কীৰ্তি জ্বল্লী, অতিৰিক্ত উপায়ুক্ত সকল আৰু জিলাখন ভালে সংখ্যক শিক্ষক-শিক্ষয়ত্ৰী।

Leave A Reply