Breaking

সলনি হ’ল কামৰূপ মহানগৰৰ জিলা আয়ুক্ত

0 11,935

ৰাজ্য চৰকাৰে বৃহস্পতিবাৰে এক নিৰ্দেশ যোগে কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাক অব্যাহতি দি দায়িত্ব অৰ্পণ কৰে সুমিত ছাট্টৱানক।

পল্লৱ লোচন ঝাক কৰ বিভাগৰ আয়ুক্তৰ লগতে গুৱাহাটী মহানগৰীৰ পানী যোগানৰ জাইকা প্ৰকল্পৰ দায়িত্ব অৰ্পণ কৰা হয়।

একেটা নিৰ্দেশত কৰ বিভাগৰ আয়ুক্ত ৰাকেশ আগৰৱালক অব্যাহতি দিয়াৰ লগতে তেওঁক আবকাৰী বিভাগৰ আয়ুক্ত আৰু অসম চাহ নিগমৰ দায়িত্ব দিয়া হৈছে।

গায়ত্ৰী দেৱদাস হাইলিঙক লক্ষীমপুৰ জিলা আয়ুক্ত হিচাপে বদলি কৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালক নগৰ আন্তঃগাঁথনিৰ প্ৰকল্প বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।

Leave A Reply