Breaking

বঙাইগাঁৱত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বৈঠক

0 2,102

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ পাৰিষদসকলে শপত গ্ৰহণ কৰাৰ পিছত বুধবাৰে বিয়লিৰ ভাগত পৰিষদৰ এখন অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত হয় ৷ বঙাইগাঁও আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত বিশেষকৈ প্ৰথম পৰ্যায়ত কি কি কাম কৰিব সেই বিষয়লৈ আলোচনা কৰে ৷ লগতে আন কিছুমান বিষয়টো প্ৰস্তাৱ লয় ৷ পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উপাধ্যক্ষ সুকেন ৰায়,  মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনৰ লগতে আন ন গৰাকী কাৰ্যবাহী পাৰিষদ অতুল ৰায়, কৰ্মেশ্বৰ ৰায়, জীৱেশ ৰায়,  প্ৰদীপ কুমাৰ ৰায়,  সুধীৰ চন্দ্ৰ ৰায় , গোলাপ পাঠক, হিমু ৰাজবংশী, কাৰ্তিক ৰায়, পূৰবী সৰকাৰ উপস্থিত থাকে ৷ ইপিনে বৈঠকৰ পিছত আয়োজিত সংবাদ মেলত পৰিষৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে কয় যে আমি যদিওবা বৰ্তমানলৈকে চৰকাৰীভাৱে বিষয়বাব পোৱা নাই তথাপিতো অনানুষ্ঠিকভাৱে হলেও বৈঠক অনুষ্ঠিত কৰিছো ৷ বৈঠকত মূলত আমাৰ বিভিন্ন দাবীসমূহৰ লগতে আমি প্ৰথম পৰ্যায়ত কি কি কাম কৰিম , বৰ্তমান পৰিষদৰ অস্থায়ী কাৰ্যালয় স্থাপন আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় ৷ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে পৰিষদৰ কাম – কাজ চলাই নিয়াৰ বাবে যিহেতু কাৰ্যালয়ৰ প্ৰয়োজন সেয়ে সদ্যহতে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰশান্তি ল’জটোক কিছু উন্নত কৰি অস্থায়ী কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ আলোচনাত প্ৰস্তাৱ লোৱা হয় ৷ দ্বিতীয়তে আক্ৰাছুই যিহেতু পৃথক কমতাপুৰ ৰাজ্য বিছাৰিছো আৰু ইয়াৰ মান্যকা প্ৰদান কৰি অসম চৰকাৰে ইতিমধ্যে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ প্ৰদান কৰিলে, গতিকে এই কমতাপুৰ আন্দোলনৰ সময়ত যিসকল ছহিদ হৈছিল সেই ছহিদসকলৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ সমবেদনা জনাম ৷ লগতে ৰাজ্য চৰকাৰে ছহিদৰ পৰিয়ালক ইতিমধ্যে ঘোষণা কৰা পাঁচ লাখকৈ টকাৰ আৰ্থিক সাহাৰ্য নবেম্বৰত চেকযোগে প্ৰদান কৰিব ৷ আনহাতে কে এ চিৰ অন্তৰ্গত চাৰিখন জিলাত যথেষ্ট জনসংখ্যা আছে আৰু কোচ ৰাজবংশী লোকো বহু আছে ৷ সেয়ে জনসংখ্যাৰ প্ৰতিলক্ষ্য ৰাখি যিহেতু বাজেট নিৰ্দ্ধাৰণ হ’ব সেয়ে ২০২১ চনৰ বাজেট হিচাপে আমি ৫০০ কোটি টকা অসম চৰকাৰৰ ওচৰত দাবী জনাম ৷ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰজা নৰনাৰায়ণ আৰু বীৰ চিলাৰ যি আদৰ্শ সেই আদৰ্শক আমি গুৰুত্বসহকাৰে লৈছো আৰু কে এ চিৰ বিষববীয়াসকলে আমিনগাঁৱত সংকল্প লৈছো যে আমি জাতিটোক একত্ৰিত কৰিম আৰু ঐক্যতাৰে আগবাঢ়িম ৷ তাৰ কাৰণে আমি অতিশীঘ্ৰে বঙাইগাঁৱত যিমান কোচ ৰাজবংশী দল- সংগঠন আছে সেই সংগঠনসমূহৰ লগতে বিভিন্ন সংগঠনৰ প্ৰাক্তন ব্যক্তিসকলক মাতিম ৷ কোচ ৰাজবংশী জনগোষ্ঠী একত্ৰিত হওক আৰু জনজাতিকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যাতে সকলোৱে মিলি জুলি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আলোচনা বিলোচনাৰ জৰিয়তে শীঘ্ৰে আনিব পাৰো তথা আক্ৰাছুক যাতে  একত্ৰিত কৰিব পাৰো তাৰ বাবেও সিদ্ধান্ত লৈছো ৷ ইপিনে অসম চৰকাৰে যি এক লাখ শিক্ষিত নিবনুৱাক এইবাৰ নিযুক্তি প্ৰদানৰ ঘোষণা কৰিছে, তাৰ ভিতৰত দহ হাজাৰ শিক্ষিত কোচ ৰাজবংশী যুৱক – যুৱতীক নিযুক্তি দিবলৈ কে এ চি ৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক আহ্বান জনাব বুলি কয় ৷ সেই দৰে ভূমিৰ অধিকাৰ সন্দৰ্ভত কয় যে মূল বিষয়ে হ’ল আমাৰ ভূমি ৷ ভূমিকলৈ ইতিমধ্যে আলোচনা হৈছে আৰু সেই কাৰণে পৰিষদৰ নাম কমতাপুৰ হৈছে ৷ পৰিষদক এতিয়াও ভূমি আৰু ৰাজহ বিভাগ দিয়া নাই ৷

কিন্তু অতিশীঘ্ৰে আমাক এই ভূমি আৰু ৰাজহ বিভাগটো লাগিব ৷ এই সন্দৰ্ভত আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো ৷ কাৰণ  কে এ চি ত কিছু প্ৰব্ৰজনকাৰী আহিছে ,সেয়ে ভূমিখিনি কি দৰে সুৰক্ষিত কৰিব পাৰি সেই বিষয়টো জড়িত হৈ আছে ৷ ইপিনে কে এ চি ৰ সীমা নিৰ্দ্ধাৰণ সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয় যে কে এ চি  আৰু বি টি আৰ সীমামূৰীয়া ৷ সেয়ে এই  সীমামূৰীয়া অঞ্চলসমূহৰ যি সমূহ কোচ ৰাজবংশী অধ্যুষিত অঞ্চল আছে সেই অঞ্চলসমূহ বি টি আৰ এক্টমতে অন্তৰ্ভূক্ত কৰিব পৰা যায় এই সন্দৰ্ভটো আমি মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিম ৷ ইতিমধ্যে সেই অঞ্চলসমূহ জৰিপ কৰা হৈছে আৰু অঞ্চলসমূহ যাতে ৰে এ চিত অন্তৰ্ভূক্ত কৰিব পৰা যায় তাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাম ৷ আনহাতে কে এ চি ৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ বাবে ইতিমধ্যে নাম প্ৰস্তাৱ কৰি বঙাইগাঁও জিলাৰ উপায়ুক্তৰ ওচৰত দাখিল কৰা বুলি কৈ সোনকালে নিযুক্ত প্ৰদান কৰাৰ বাবেও আহ্বান জনায় ৷  ইপিনে সংবাদ মেলত কে এ চিৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে কয় যে আমি শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অধ্যক্ষ ,উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদসকলক লৈ এখন বৈঠক অনুষ্ঠিত কৰিছো ৷ বৈঠকৰ জৰিয়তে অনাগত দিনত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় আৰু কিদৰে আমি পৰিষদখনক এক নতুন ৰূপত সজাই পৰাই বিকাশ সাধন কৰিব পাৰো সেই বিষয়লৈ আলোচনা কৰিছো ৷ বৈঠকত উত্তৰ শালমাৰাৰ প্ৰশান্তি ল’জত অস্থায়ী ৰূপত কে  এ চিৰ কাৰ্যালয়ৰ স্থাপন কৰি কাম – কাজ চলাই নিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো ৷ কিন্তু পৰৱৰ্তী সময়ত জনগোষ্ঠীটোৰ সংগঠন, বুদ্ধিজীৱিৰ সৈতে আলোচনা কৰি স্থায়ী কাৰ্যালয়ৰ স্থান নিৰ্দ্ধাৰণ কৰিম ৷ আনহাতে আক্ৰাছুৰ আন্দোলনৰ সময়ত যিসকল ছহিদ হৈছিল সেই ছহিদ পৰিয়ালক ৰাজ্য চৰকাৰৰ তদানীন্তন বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই পাঁচ লাখকৈ টকা আৰু এটা চৰকাৰী চাকৰি প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল ,সেই প্ৰতিশ্ৰুতি হিচাপে প্ৰথম পৰ্যায়ত অহা নবেম্বৰ মাহত বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠকতৰ দিনা মুখ্যমন্ত্ৰীয়ে ছদিহ পৰিয়ালক আৰ্থিক অনুদান প্ৰদান কৰিব ৷ বাকী চাকৰি প্ৰদানৰ প্ৰক্ৰিয়াটো চলি থাকিব ৷ এয়া জনগোষ্ঠীটোৰ কাৰণে সু খবৰ ৷ মুখ্য পাৰিষদগৰাকীয়ে সংবাদ মেলত সদৰি কৰা মতে কে  এ চিৰ বাবে কাৰ্যালয়ৰ ষ্টাফ ল’বলগীয়া আছে ,সেই সন্দৰ্ভত ইতিমধ্যে আমি বিভাগীয় মন্ত্ৰীৰ সৈতে যোগাযোগ কৰিছো আৰু বিভাগীয় মন্ত্ৰীয়ে জিলা উপায়ুক্তলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ সোনকালে কাৰ্যালয়ৰ ষ্টাফ লাভ কৰিম ৷ ইয়াৰ পৰৰ্তী পৰ্যায়ত গাঁও নিৰ্ধাৰণ, সামা নিৰ্ধাৰণ আদি কাম কাজসমূহ আমি আগবঢ়াই লৈ যাম৷ সেয়ে কে এ চিৰ অন্তৰ্গত ৰাইজক পৰিষদখন শক্তিশালী ৰূপত গঢ়ি তুলি সকলোৰে বিকাশ সাধন কৰাৰ সুযোগ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ ইপিনে জনজাতিকৰণ সন্দৰ্ভত সাংবাদিকে সোধাত মুখ্য কাৰ্যবাহী পাৰিষদগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত কৈ গৈছিল যে জনজাতিকৰণৰ নব্বৈ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ দহ শতাংশ কাম বাকী আছে আৰু সেই দহ শতাংশ কাম আমাৰ ওপৰতহে আছে ৷চৰকাৰৰ ওপৰত নাই ৷ সকলোৱে জানে যে কোচ ৰাজবংশী শংগঠনসমূহ বহুধা বিভক্ত হৈ আছে ৷ যিদিনা সংগঠনসমূহ একেখন মঞ্চত ঠিয় হ’ব তেতিয়াই অসম চৰকাৰৰ ফালৰ পৰা জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত এখন পকেটৰ পৰা ওলাই এখন পকেটত জনজাতিকৰণ কৰিব ৷ সকলোৰে লক্ষ্য যিহেতু একেটা ,সেয়ে পৰিষদৰ তৰফৰ পৰা বহুধা বিভক্ত সংগঠনসমূহ একত্ৰিত হৈ চৰকাৰৰ ওচৰত যোৱাৰ লগে লগে জনজাতিকৰণ লাভ কৰাটো নিশ্চিত ৷ সকলো একত্ৰিত হোৱাৰ পিছত বৰ্তমান মু্খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা থকাৰ কাৰণে কোচ ৰাজবংশীসকলে আৰু চিন্তা কৰিবলগীয়া একো নাই ৷ 

Leave A Reply