Breaking

ন্যায়ৰ আশাত মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সাক্ষাৎ কংগনাৰ

0 1,281

দৈনন্দিন বাৰ্তা ডেস্ক : শিৱসেনাৰ সৈতে কংগনা ৰানাউটৰ মতানৈক্য অব্যাহত আছে ৷ তাৰ মাজতে মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সাক্ষাৎ কৰিলে অভিনেত্ৰীগৰাকীয়ে ৷ ৰাজভৱনৰ পৰা বাহিৰলৈ আহি কংগনাই জনালে, মোৰ লগত যে অন্যায় হৈছে সেয়া জনাইছো, আশা কৰো ন্যায়বিচাৰ পাম৷ মই কোনো ৰাজনীতিবিদ নহয়, সাধাৰণ নাগৰিক হিচাপে দেখা কৰিছো ৷ মই ন্যায়বিচাৰ পালে, দেশৰ আন মহিলাসকলেও ছিষ্টেমটোৰ প্ৰতি আস্থা ঘুৰাই পাব ৷ তেওঁ অভিভাৱক৷ মই ভাগ্যবান যে তেওঁ নিজৰ ছোৱালীৰ দৰে মোৰ কথা শুনিলে ৷ দেওবাৰে বিয়লি ৪.৩০ বজাত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰিক সাক্ষাৎ কৰাৰ কথা আছিল যদিও কংগনাই কিছু সময়ৰ আগতে ৰাজভৱন পায়গৈ ৷ অভিনেত্রীগৰাকীৰ লজত তেওঁৰ ভনীয়েক তথা মেনেজাৰ ৰংগোলী চান্দেল আছিল ৷ আনহাতে দেওবাৰে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কংগনাক আক্রমণ কৰা বন্ধ কৰা নাই ৷ চামনাত নিজৰ কলম ‘ৰোখটোখ’ত কংগনা প্ৰসংগত বিজেপিক সমালোচনা কৰে ৷ তেওঁ লিখে, দুঃখজনক, যি কংগনাই মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ লগত তুলনা কৰিছম তেওঁকেই মহাৰাষ্ট্ৰৰ প্ৰধান বিৰোধী দলটোৱে সমৰ্থন দিছে ৷ সঞ্জয় ৰাউতৰ কথাৰ বিপৰীতে উত্তৰ দি কংগনাই টুইটত লিখে, এয়া দুর্ভাগ্যজনক যে বিজেপিয়ে এনে এজনক সুৰক্ষা দিছে যি ড্ৰাগছ আৰু মাফিয়াৰ পৰ্দা খুলি দিছে ৷ তাৰ পৰিবৰ্তে বিজেপিৰ উচিত আছিল, শিৱসেনাৰ গুণ্ডাই যাতে মোৰ মুখ ভাঙি দিয়ে, ধৰ্ষণ কৰে বা গণ প্ৰহাৰ কৰে, সেইটো কৰিবলৈ দিয়ক ৷

Leave A Reply