Breaking

জামুগুৰিহাটৰ মঙলবৰীয়া জৰ্দানবস্তিত কৰম পৰৱ পালন

0 2,020

 শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ৰঙাচকুৱা মঙলবৰীয়া জৰ্দানবস্তিত চাহ জনগোষ্ঠীৰ কৰম পৰৱ পালন কৰে। চাহ জনগোষ্ঠীৰ কৃষি ভিত্তিক পৱিত্ৰ কৰম পৰৱ। চাহ জনগোষ্ঠী তথা আদিবাসী লোকসকলে বৈদিক যুগৰ পৰাই পৰম্পৰাগত ভাবে পালন কৰি আহিছে এই কৰম পৰৱ। সেই উদ্দেশ্যে জিলাখনৰ জামুগুৰিহাটৰ উত্তৰে অৱস্থিত বৃহৎৰ ৰঙাচকুৱাৰ মঙলবৰীয়া জৰ্দানবস্তিৰ খেল পথাৰ প্ৰাংগণত চাহ জনগোষ্ঠী আদিবাসীসকলৰ বাপতিসাহোন কৰম পৰৱ উপলক্ষে যোৱা চাৰি অক্টোবৰৰ দিনা এক আটক ধুনীয়া ঝুমুইৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। স্থানীয় ৰাইজৰ সহযোগত আয়োজিত অনুষ্ঠানটিৰ ঝুমুইৰ প্ৰতিযোগিতাত নদুৱাৰ অঞ্চলৰ বহু কেইটা দল অংশ গ্ৰহণ কৰি জনগোষ্ঠীটোৰ পৰম্পৰা ৰক্ষা কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী দলসমুহৰ শ্ৰেষ্ঠতাৰ ভিত্তিত আকৰ্ষনীয় বঁ‌টা প্ৰদান কৰা হয়। ধলাইবিলস্থিত পেৰিচৰ ফাদাৰ স্বেৰবাস্তিয়াম তপ্নৰ আতিথ্যত অনুষ্ঠিত বঁ‌টা বিতৰণী অনুষ্ঠানত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে উত্তৰ মূঢ়াদল গাঁও পঞ্চায়ত সভাপতি দীপক নেৱাৰ,সমাজ কৰ্মী প্ৰৱীন দাস,গাঁও সভা সদস্য চৰিতা কুজুৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰঘু গড়ৰ লগতে বহু কেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply