Breaking

কাৰ্বিআংলং আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান : পি ডি চি কে ৰ গৃহ সচিবসহ ৪ দুৰ্ধৰ্ষ কেডাৰ আৰক্ষীৰ জালত ।

0 1,542

বোকাজান

 “উগ্ৰপন্থীয়ে হাতত অস্ত্ৰ তুলি ললে অসম আৰক্ষীয়ে তাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সদা প্ৰস্তুত ” আছে বুলি যোৱা ৩ মে তাৰিখে কাৰ্বিআংলং জিলা সদৰ ডিফুত এক সংবাদ মেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ পাছতেই আজি কাৰ্বিআংলং আৰক্ষীয়ে দকমকা থানাৰ অন্তৰ্গত থাৰবাছা গাওঁত অভিযান চলাই চাৰিটাকৈ দুৰ্ধষ পি ডি চি কে(পিপলছ ডেমকেটিক এলায়েন্স অৱ কাৰ্বিআংলং) ৰ উগ্ৰপন্থীক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰে । বিবৰণি অনুসৰি দকমকা থানা ত পঞ্জীয়ন হৈ থকা ভাৰতীয় দণ্ড বিধি আইনৰ ৩৬৪ এ/৩৮৬ ধাৰাৰ অধীনৰ ১৯/২০ নম্বৰ গোচৰৰ ভিত্তিত বোকাজান মহকুমা  আৰক্ষী বিষয়া জন দাস আৰু কাৰ্বিআংলং ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ নেতৃত্বত জিলা খনৰ কেইবা গৰাকী আৰক্ষী বিষয়া ৰ সহযোগত দেইথোৰ আৰক্ষী থানাৰ অন্তৰ্গত আপাৰ দেইহৰি গাওঁৰ মাণিক তেৰাংৰ পুত্ৰ তথা পি ডি চি কেৰ প্ৰাক্তন স্বয়ম্ভূ সেনাধ্যক্ষ  আৰু বৰ্তমানৰ গৃহ সচিব ফ্ৰান্সিছ তেৰাং ওৰফে ডেভিড মুক্ৰঙ , বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত খানাৰী গাওঁৰ যাদৱ ৰেংমাৰ পুত্ৰ ঋষি ৰেংমা ওৰফে অখবি ৰেংমা দকমকা আৰক্ষী থানাৰ অন্তৰ্গত ৰংফাং বংগ গাওঁৰ  কেনছিং ৰংপিৰ পুত্ৰ  আন্তঃঙ ৰংপি আৰু  দকমকা আৰক্ষী থানাৰ অন্তৰ্গত ছাইটি গাওঁৰ লংকি ইংতিৰ পুত্ৰ ৰোজভেল ইংতিক আটক কৰে । আটকাধিন উগ্ৰপন্থী সদস্য কেইজনৰ পৰা মেগজিন সহ ৭.৬৫ পিষ্টল আৰু পিষ্টলৰ দহ জাই গুলী নগদ ৩ লাখ ১০৫০ টকা ৯ খন চিম কাৰ্ড সহ ৪ টা মোবাইল হেণ্ডছেট পি ডি চি কেৰ বহু খিনি লেটাৰ পেদ আৰু ধন দাবী পত্ৰ মেগজিনৰ কভাৰ সহ দুযোৰ উনিফর্ম এটা লেপটপ ৪ যোৰ বুটজতা ১ টা পিষ্টল চলজাৰ আঁঠুত পিন্ধা গাৰ্ড বুকু আৰু পাছফালৰ এটাকৈ ৰেকচেক বেকপেত খাদ্য সামগ্ৰী আৰু টৰ্চ লাইট সহ বহু কেইটা বেটাৰী জব্দ কৰিবলৈ সক্ষম হয় ।

Leave A Reply