Breaking

আন্তর্জাতিক বাণিজ্য কেন্দ্রত আমদানি আৰু ৰপ্তানি বন্ধ হোৱাৰ দিশত,কৰিমগঞ্জ ।

0 605

ৰাহুল পাল, কৰিমগঞ্জ:

লক ডাউনৰ বাবে দেশজুৰি আৰ্থিক সংকটৰ সম্ভৱনা যি সময়ত প্ৰবল হৈ উঠিছে তেনে সময়ত সুতাৰকান্দী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰত আমদানি ৰপ্তানি ব্যৱস্থা বন্ধ হোৱাৰ দিশে। যাৰফলতে চৰকাৰৰ আৰ্থিক ক্ষতি হোৱাৰ লগে লগে বহু লোক নিবনোৱা হোৱাৰ প্ৰবল সম্ভাৱনা প্ৰকট হৈ উঠিছে।কৰিমগঞ্জ জিলা প্ৰশাসন ফালৰ পৰা বাৰংবাৰ নিৰ্দেশিকা সলনি কৰি নতুন নতুন নিৰ্দেশনা জাৰি কৰাৰ ফলতে অতিষ্ঠ হৈ পৰিছে  ল্যান্ড পোৰ্ট অফ অথৰিটি কৰিমগঞ্জ শাখাৰ মেনেজাৰ  আৰু আমদানি ৰপ্তানি কৰা ব্যাবসায়ী সকল। সুতাৰকান্দিত ল্যান্ড পোৰ্ট অথৰিটিৰ দায়িত্ব থকা মেনেজাৰ জনে জোনৰ কোৱা মতে, জিলা প্ৰশাসনে আমদানি ৰপ্তানি সংক্ৰান্ত কোন ধৰনৰ নিৰ্দেশনা জাৰি কৰাৰ আগতে তেওঁ লোকৰ সৈতে কোন ধৰনৰ মত বিনিময় নকৰে যাৰফলতে সৃষ্টি হৈছে এক উদ্ভট পৰিস্থিতিৰ। জিলা প্ৰশাসনৰ মতে ট্ৰেড চেন্টাৰত কোভিডৰ সকলো নিয়মনীতি মানি চলা নাই। কিন্তু মেনেজাৰৰ কোৱামতে তেওঁ লোকে কোভিডৰ বাবে সকলো ধৰনৰ চৰকাৰী গাইড লাইন মানি চলি আমদানি ৰপ্তানি কৰি আহিছে। আৰু এইটোৰ উপৰতে জিলা প্ৰশাসনে যোৱা কৈদিন পূৰ্বে আৰু এখন নিৰ্দেশনা জাৰি কৰিলে যে, এতিয়াৰ পৰা ভাৰতৰ পৰা বাংলাদেশ যাব লগা  মাল কঢ়িয়াই অনা ট্ৰাক এটা এটা কৈ ভাৰত বাংলা জিৰো পয়েন্টত থাকিব আৰু ইয়াৰ পৰা বাংলাদেশৰ ট্ৰাকত মাল উঠাই দিয়া হব। ঠিক একেদৰে বাংলাদেশৰ পৰা মাল কঢ়িয়াই অনা ট্ৰাক সকলে ও জিৰো পয়েন্টত আনি সমগ্ৰীবোৰ ভাৰতক গতাই দিব লাগিব। যাৰ ফলতে প্ৰতিদিনে আমদানি ৰপ্তানি ব্যৱসায়ত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে বুলি ল্যাণ্ড পোৰ্ট অথৰিটির  মেনেজাৰৰ লগতে স্থানীয় বিধায়ক আৰু আমদানি ৰপ্তানি সংস্থাৰ সভাপতি গৰাকীয়ে কয়, এনে নিয়ম বান্ধি দিয়াৰ ফলতে এতিয়া  প্ৰতিদিনে ভাৰত চৰকাৰৰ লাখ লাখ টকাৰ ৰাজহ লোকচান হবলৈ ধৰিছে। কৰিমগঞ্জ জিলা প্ৰশাসনৰ একপক্ষীয় সিদ্ধান্তত বাংলাদেশতো আমদানি ৰপ্তানি ব্যাবসায়ী সকলোৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যাৰবাৱে সিলেট জিলা আমদানি ৰপ্তানি ব্যাবসায়ী সংস্থায় কাইলৈৰ পৰা সুতাৰকান্দি শুল্ক বন্দৰে দি বানিজ্যিলৈ চিন্তিত হৈ পৰিছে। ইতিমধ্যে তেওঁ লোকে সিলেট ত থকা ভাৰতীয় হাইকমিশনাৰক লিখিত অভিযোগ জনাইছ। কৰিমগঞ্জৰ আমদানি ৰপ্তানি ব্যাবসায়ী সংস্থাৰ সভাপতি গৰাকীয়ে আৰু কয়, জিলা প্ৰশাসনৰ অসহযোগিতা আৰু ১৮ বিঘা মাঠি ল্যান্ড পোৰ্ট অথৰিটিক আজি লৈকে গতাই দিব নোৱাৰাৰ বাৱে, ল্যান্ড পোৰ্ট অথৰিটিয়ে কৰিমগঞ্জৰ সুতাৰকান্দিত ২০০ কোটি টকীয়া প্ৰজেক্ট কৰাত ব্যৰ্থ হৈছে। আৰু অহা ২০ দিনৰ ভিতৰত যদি জিলা প্ৰশাসনেৰ এই মাটিখিনি সমঝাই নিদিয়ে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ দুশো কোটি টকীয়া অভিলাষী  আঁচনি সুতাৰকান্দিৰ পৰা উভতি যাব।  ইপিনে এই ব্যৱসায়ৰ লগতে জড়িত দুয়ো দেশৰ শ্ৰমিকে জিৰো পয়েন্টত আহি গাড়ীৰ মাল উটা নমোৱাতে অমান্তি হৈছে। যাৰবাৱে ব্যাবসায়ী সকলোৰ মূৰত ৰামটাঙুন পৰে। ফলতে  ব্যাবসায়ী সকলে আমদানি ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ দিশত। আনহাতে জিলা প্ৰশাসনৰ একপক্ষীয় সিদ্ধান্তৰ বাবে শ্ৰমিক সকলৰ উপাৰ্জন বন্ধ হৈ পৰিছে আৰু তেওঁ লোকৰ মাজত এক হাহাকাৰ পৰিস্হিতিৰ  সৃষ্টি হৈছে। আৰু এই কঠিন  পৰিস্থিতিত এতিয়া লাখটকিয়া প্ৰশ্ন হৈছে, কোনে এই শ্ৰমিক সকলৰ পৰিয়ালৰ খাদ্য যোগান ধৰিব ? শ্ৰমিক সকলৰ এনে দুৰ্ভোগৰ খবৰ পাই স্থানীয় বিধায়ক কমলাক্ষ দে পুৰকায়স্হ সুতাৰকান্দি আন্তৰ্জাতিক বানিজ্যি কেন্দ্ৰত যাই সমস্যা সমাধানৰ বুজ লয়।

Leave A Reply