Karora Higher Secondary School: চৰকাৰী বিদ্যালয়ৰ জয়যাত্ৰা, কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাত নামভৰ্তিৰ বাবে হেতাওপৰা

সম্প্ৰতি সময়ত অসমৰ ভিন্ন প্ৰান্তত অবস্থিত ব্যক্তিগতখণ্ডৰ(Karora Higher Secondary School) শিক্ষানুষ্ঠানসমূহত ২০২৫-২৬ শিক্ষাবৰ্ষত বিভিন্ন শাখাত নামভৰ্তিৰ বাবে সদ্য উত্তীৰ্ণ মেট্ৰিক পৰিক্ষাৰ্থী সকলক বিদ্যালয় কৰ্তৃপক্ষই আকষৰ্ণৰ বিভিন্ন চেষ্টা অব্যাহত ৰাখিছে। বাইহাটা চাৰিআলিস্থিত ৰামানুজন, চিগ্‌মা পইণ্ট, প্ৰজ্ঞা একাডেমি, আইনষ্টাইন প্ৰভৃতি আগশাৰীৰ শিক্ষানুষ্ঠানসমূহেও এইক্ষেত্ৰত পিছ পৰি থকা নাই।

তৎসত্বেও উত্তৰ কামৰূপৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু কলা শাখাত নামভৰ্তিৰ প্ৰাৰম্ভিক পৰ্যায়তে নামভৰ্তিৰ বাবে এক উখল-মাখল পৰিবেশৰ সৃষ্টি হোৱাৰ খবৰ আহিছে। চৰকাৰী বিদ্যালয়ৰ বাবে সচাকৈ এক সন্তোষজনক খবৰ। তেনে এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান হ’ল কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়।মহাৰজত বৰ্ষৰ প্ৰস্তুতি হাতত লোৱা শিক্ষানুষ্ঠানখনত সম্প্ৰতি কলা আৰু বিজ্ঞান শাখাত নামভৰ্তিৰ বাবে হেতা ওপৰা লাগিছে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ কমলেশ্বৰ চৌধুৰীয়ে প্ৰতিবেদকক জনোৱা মতে বিজ্ঞানত ১১৬ আৰু কলা শাখাত ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে আবেদন কৰিছে।

তাৰ বিপৰীতে কলা শাখাত আসনৰ সংখ্যা ৭০ আৰু বিজ্ঞানত ৬০ টা।তেনেস্থলত বিদ্যালয় কৰ্তৃপক্ষই কলা শাখাত ৬০ শতাংশ আৰু বিজ্ঞান শাখাত প্ৰায় ৬৮ শতাংশ নম্বৰ কাট অফ হিচাপে নিৰ্ধাৰণ কৰিবলৈ বাধ্য হৈছে। যাৰ ফলশ্ৰুতিত কলা আৰু বিজ্ঞান শাখাত সৰ্বমুঠ ১৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী শিক্ষানুষ্ঠানখনত অধ্যয়নৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। প্ৰাপ্ত খবৰ অনুসৰি কোনোপধ্যে বেলেগ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ইচ্ছুক নহয় বঞ্চিত শিক্ষাৰ্থী সকল। তেওলোক এই বিদ্যালয়তে নামভৰ্তি কৰিবলৈ বদ্ধপৰিকৰ। সেয়ে বিপাঙত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৮এপ্ৰিলত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আহ্বান কৰাৰ কথা সভাপতি ভূপেন্দ্ৰ ভাগৱতীয়ে জানিবলৈ দিয়ে।

Related Articles