Breaking

কাশ্মীৰী মহিলা সাংবাদিকলৈ সাহসিকতা ফটো সাংবাদিকতা বঁটা ।

0 612

দৈনন্দিন বাৰ্তা :

মহিলা মিডিয়া ফেডাৰেছনে কাশ্মীৰৰ ফ্ৰীলায়েন্স জাৰ্ণেলিষ্ট মাছাৰট জাৰ্হা (২৬)ক চলিত বৰ্ষৰ ফটো সাংবাদিকতাৰ সন্মানীয় অঞ্জা নিইদৰিংহাছ সাহসিকতা বঁটাৰে সন্মানিত কৰিছে৷ উল্লেখ্য যে এইগৰাকী সাংবাদিক কাশ্মীৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাত স্নাতক৷ তেওঁ ৱাশ্বিংটন প’ষ্ট, অল জাজিৰা আৰু দ্য কাৰাভান আলোচনী আদিৰ লগত জড়িত৷ এই বঁটাটো পুলিৎজাৰ বঁটা জয়ী এপি ফটোগ্ৰাফাৰৰ নামত উৎসৰ্গিত৷ এইজন সাংবাদিকক ২০১৪ চনত আফগানিস্থানত হত্যা কৰিছিল৷ এই বঁটাত আছে ২০০০০ ডলাৰ৷ এই বঁটা বিপদক নেওচি বাতৰিৰ ছবি লোৱা মহিলা সাংবাদিকক দিয়া হয়৷ উল্লেখ্য যে নিইদৰিংহাছে ২০০৫ চনত আইডব্লিউএমএফ সাংবাদিকতাৰ সাহসিকতা বঁটা লাভ কৰিছিল৷ প্ৰাপ্ত তথ্য মতে জাৰ্হা শ্ৰীনগৰত জন্ম৷  তেওঁ কাশ্মীৰ প্ৰতিবাদকাৰী আৰু ভাৰতীয় নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষ ছবিৰে প্ৰতিফলিত কৰিছে৷

Leave A Reply