Breaking

ওদালগুৰি জিলা সাহিত্য সভাৰ ‘গল্প সাধনা বঁটা’ প্ৰদান কাৰ্যসূচী আৰু ‘মনোজ্ঞ আলোচনা চক্ৰ’

0 2,088

বামুণজুলি সাহিত্য সভাৰ উদ্যোগত স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত  ৩ অক্টোবৰত ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্ব ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পোনপ্ৰথমবাৰৰ বাবে ‘গল্প-সাধনা বঁটা,২০২১’ প্ৰদান কাৰ্যসূচীটি ৰূপায়ণ কৰা হয়৷ জিলাখনৰ প্ৰতিষ্ঠিত আৰু উদীয়মান গল্পকাৰ সকলক অনুপ্ৰাণিত কৰাৰ উদ্যেশ্যে ২০২০-২২ কাৰ্যবৰ্ষৰ পৰা প্ৰতি দুবছৰত এই বঁটা প্ৰদান কৰা হ’ব বুলি সম্পাদক ড* পবিত্ৰ শৰ্মাই উল্লেখ কৰে।৷ এইবেলি ‘বংশীধৰ কলিতা সোঁৱৰণী গল্প-সাধনা বঁটা, ২০২১’ ৰে জিলা সভাই  অসমীয়া গল্প সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ,’সৰ্ব ভাৰতীয় কথাবঁটা’ৰে বিভূষিত লেখক, টংলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক মাননীয় জয়ন্ত কুমাৰ চক্ৰৱৰ্তীদেৱক সন্মানিত কৰা হয়৷ ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি  পুনুৰাম কলিতা পিতৃ প্ৰয়াত বংশীধৰ কলিতাদেৱৰ সোঁৱৰণত আগবঢ়োৱা এই বঁটাত আছে ক্ৰমে – এখন গামোচা,এখন চেলেং , এখন শৰাই, এটি জাপি,এখন সম্বৰ্ধনা পত্ৰ, এটি কিতাপৰ টোপোলা আৰু নগদ পাঁচ হাজাৰ টকা৷ বামুণজুলি সাহিত্য সভাৰ শিল্পীবৃন্দই উদ্বোধনী গীত পৰিবেশনেৰে মুকলি কৰা  সভাখনত  দুটি একক গীত পৰিবেশনেৰে সভাৰ সৌস্তভ বৃদ্ধি কৰে সুগায়িকা ছাত্ৰী ক্ৰমে নৱনীতা ডেকা আৰু দীপশিখা তালুকদাৰে৷ স্ব-ৰচিত কবিতা পাঠ কৰে ছাত্ৰী পূজা দেৱীয়ে৷সম্বৰ্দ্ধনাৰ অন্তত গল্প সম্পৰ্কে এটি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷ বঁটা প্ৰাপক চক্ৰৱৰ্তী দেৱৰ গাম্ভীৰ্যপূৰ্ণ ভাষণেৰে আজিৰ আলোচনা চক্ৰটি ৰূপায়ণ কৰা হয়৷ আজিৰ অনুষ্ঠানৰ  আন এটি সোণত সুৱগা দিশ আছিল টংলা মহাবিদ্যালয়ৰ উপাধ্যক্ষা, বিশিষ্ট অনুবাদ গল্পকাৰ ড° অঞ্জলি চক্ৰৱৰ্তী বাইদেৱে কলিকতাৰ প্ৰতিষ্ঠিত লেখক সুকুমাৰ ৰুজৰ বিজ্ঞানভিত্তিত গল্পগ্ৰন্থ ‘মেচিন এজ ডট কম’(Machine age dot com)ৰ অসমীয়ালৈ একে নামেৰেই অনুবাদ কৰা নৱতম গ্ৰন্থখনৰ উন্মোচন৷ওদালগুৰি জিলা সাহিত্য সভাৰ ইতিহাসত এক নৱসংযোজন হিচাবে বিবেচিত  অনুষ্ঠানৰ শেষত অসম সংগীত পৰিবেশনেৰে সভাৰ সামৰণি মৰা হয়৷

Leave A Reply