Breaking

কাইলৈ কাতি বিহু, কোৰোনাৰ আতংকৰ মাজতো গ্ৰামাঞ্চলৰ লগতে মহানগৰীতো কাতি বিহুৰ প্ৰস্তুতি

0 777

ডিজিটেল ডেস্কঃ কাইলৈ কাতি বিহু, অসমীয়াৰ বাপতি সাহোন তিনিটা বিহুৰ অন্যতম বিহু কাতি বিহু অথবা কঙালী বিহু উপলক্ষে ব্যস্ত প্ৰতিজন অসমীয়া৷ কাতি মাহটো অসমীয়াই এটা পবিত্ৰ মাহ হিচাপে গণ্য কৰে। কৃষকৰ সপোনৰ খেতিডৰা এতিয়া গেঁৰ ধৰিছে৷ চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মীক প্ৰাৰ্থনা জনাব সমগ্ৰ ৰাজ্যবাসীয়ে। শস্য শ্যামলা পথাৰখন লখিমীৰে ওপচি পৰাৰ কামনাৰে ধাননি পথাৰত চাকি জ্বলোৱাৰ লগতে সমাজৰ পৰা অসূয়া–অশান্তি দূৰ হোৱাৰ লগতে পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে অতীজৰে পৰা পৰম্পৰাগতভাৱে কঙালী বিহু পালন কৰি অহা হৈছে৷ ইয়াৰ লগত সংগতি ৰাখি ভঁৰাল ঘৰ, গোহালি ঘৰ, তামোল–নাৰিকল আদি গছৰ তলতো প্ৰতিঘৰ অসমীয়াই চাকি-বন্তি জ্বলাব৷

কাতি মাহত অথবা কাতি বিহুৰ সময়তে সৰহসংখ্যক কৃষিজীৱি লোকৰে ভঁৰাল ঘৰ প্ৰায় উদং হয়। উদং ভঁৰাল আৰু বিলাসীতা অবিহনেই প্ৰতিজন অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন হেপাঁহৰ কঙালী বিহুটি। কোৰোনাৰ আতংকৰ মাজতো গ্ৰামাঞ্চলৰ লগতে মহানগৰীতো বাপতিসাহোন কাতি বিহুৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ কঙালী বিহুত অতিজৰে পৰা সন্ধিয়া কণ কণ ল’ৰা–ছোৱালীয়ে ঘৰে ঘৰে গৈ তুলসীৰ তলত প্ৰাৰ্থনা জনাই মাহ–প্ৰসাদ খোৱা পৰম্পৰাও চলি আহিছে৷ কাতি বিহুত সকলোৰে মংগল কামনাৰে আকাশবন্তি জ্বলোৱা হয়৷

Leave A Reply