Breaking

বিবাহৰ প্ৰস্তুতিত ব্যস্ত বিকি কৌশল, কেটৰিনা কাইফ

0 43

নিউজ ডেস্কঃ দাম্পত্য জীৱনৰ প্ৰস্তুতিত ব্যস্ত কেটৰিনা কাইফ। কেটৰিনাই ইতিমধ্যে মুম্বাইত বিবাহৰ পোছাক ক্ৰয় কৰা আৰম্ভ কৰিছে। ডিচেম্বৰৰ আৰম্ভণিতে কেটৰিনা আৰু বিকি কৌশলে জয়পুৰত বিবাহ পাশত আৱদ্ধ হ’ব। বলীউডে ১৫ নৱেম্বৰত চণ্ডিগড়ত ৰাজকুমাৰ ৰাও আৰু পাত্ৰলেখাৰ বিশাল বিবাহৰ সাক্ষী হৈছিল। ৰাজকুমাৰৰ দ্য হোৱাইট টাইগাৰৰ সহ-অভিনেতা প্ৰিয়ংকা চোপ্ৰা আৰু বৰেলী কি বৰফিৰ সহ-অভিনেতা আয়ুষ্মান খুৰানাকে ধৰি কেইবাজনো চেলিব্ৰিটিয়ে নৱদম্পতিক শুভেচ্ছা জনাইছিল। ৰাজকুমাৰ-পাত্ৰলেখাৰ বিবাহৰ বহু ফটো আৰু ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই, আন এক দম্পতীৰ বিবাহৰ চৰ্চা আৰম্ভ হৈছে বলীউড জগতত। আৰু সেই দম্পতী হল বিকি কৌশল আৰু কেটৰিনা কাইফ। শেহতীয়াকৈ জানিব পৰা গৈছে যে কেটৰিনাই মুম্বাইত বিবাহৰ পোছাকৰ বাবে পৰীক্ষণ আৰম্ভ কৰিছে। অভিনেত্ৰীগৰাকীয়ে সকলোবোৰ কাম সোনকালে শেষ কৰিব বিচাৰিছে,যাতে বিয়াৰ দিনাৰ আগতে অলপ আৰাম কৰিব পাৰে।

Leave A Reply