Breaking

স্বামীহাৰা মহিলা আদৰ্শৰ প্ৰতীক চাৰিদুৱাৰৰ কাবেৰী বৰা।

0 1,306

সমাজত কামৰ কোনো লাজ নাই ৷সৰু কাম বুলিও কোনো কথা নাই ৷মাথো মনত লাগে অফুৰন্ত শক্তি সাহস ৷ এই শক্তি সাহসৰ জৰিয়তে পৃথিৱী যিকোনো কাম সহজ কৰি লব পাৰি ৷ আৰু তাকেই যেন এতিয়া প্ৰমাণ কৰি দেখুৱাইছে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ভকত গাওঁৰ কাবেৰী বৰাই ৷ আৰ্থিক দূৰ্ব্বলতাক নেওছি এতিয়া পূৱাই এখন টম টম চলায় গাৱেঁ গাৱেঁ যাত্ৰী লৈ ৰাইজৰ মন জয় কৰিছে এই গৰাকী স্বামীহাৰা মহিলা কাবেৰী বৰাই ৷৩৬ বছৰীয়া এই গৰাকী বিধৱা মহিলা তথা দুই সন্তানৰ মাতৃয়ে এতিয়া নিজৰ ঘৰৰ কামৰ মাজেদিয়েই যেন হাঁহি হাঁহি জীৱন সংগ্ৰামত জপিয়াই পৰিছে ৷দৈনিক ৪০/৫০ কিলোমিটাৰ টম টম চলাই বালিপৰাৰ পৰা চাৰিদুৱাৰৰ বিভিন্ন গাওঁলৈ গৈ যাত্ৰী কঢ়িয়াই ফুৰিছে ৷অকাল মৃত্যুত স্বামীক হেৰুৱাই শোচনীয় অৰ্থনৈতিক অৱস্থাৰ বাৱেই নিজৰ ঘৰৰ কামকে ধৰি সকলো ধৰণৰ খৰছ নিজে উলিয়াবলৈকে এক দূঃসাহসিক বৃত্তিত জৰিত হৈ পৰিছে কাবেৰী বৰা ৷ৰঙাপৰা সমষ্টিৰ চাৰিদুৱাৰৰ ভকত গাঁৱৰ স্বামীহাৰা মহিলা কাবেৰী বৰাৰ এই সাহসিকতাক এতিয়া সকলোৱেই প্ৰশংসা কৰিছে ৷

অঞ্চলটোৰ দহগৰাকী মহিলাৰ বাৱে এতিয়া আদৰ্শৰ প্ৰতীক হৈ পৰিছে কাবেৰী ৷ অকাল মৃত্যুক সাৱতি লোৱা স্বামী প্ৰয়াত পৰাসৰ বৰাৰ পত্নী কাবেৰী বৰা ।কাবেৰীৰ দুই সন্তান ক্ৰমে কন্যা বিষ্টি বৰা আৰু পুত্ৰ গৌৰৱ বৰা । তেৰ বছৰীয়া বিষ্টি আৰু চাৰি বছৰীয়া গৌৰৱ বৰাৰ বাবে এই কাম কৰি গৌৰববোধ কৰা বুলি মন্তৱ্য কৰে কাবেৰী বৰাই ৷

Leave A Reply