Breaking

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ

0 2,056

বন্যপ্ৰাণীৰ সুৰক্ষা স্বাৰ্থতেই হওঁক বা আন কোনো কাৰণতে হওক সাধাৰণতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আজিলৈকে গোচৰ দি আহিছে যদিও এইবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিপক্ষে গোচৰ তৰিছে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তর্গত ৰাঙলু পাহাৰগুৰি গাঁৱৰ ৰাইজে।

জানিব পৰা মতে, অসম চৰকাৰৰ ভুমি সংৰক্ষণ বিভাগে কলিয়াবৰ ৰাজহচক্ৰৰ অন্তর্গত ৰাঙলু পাহাৰগুৰি গাঁৱৰ এটি ৰাজহুৱা পুখুৰী উন্নয়নৰ বাবে এক আঁচনি গ্ৰহণ কৰিছিল। পানী সংৰক্ষণৰ জৰিয়তে অঞ্চলটোৰ প্ৰায় দুহেজাৰ বিঘা ভূমিত কৃষিকৰ্ম কৰাৰ সুবিধাৰ বাবে ভূমি সংৰক্ষণ বিভাগে গ্ৰহণ কৰিছিল এই আচঁনিখন।

পিছে আচঁনিখনৰ কাম আৰম্ভ কৰোতেই লাগিল কেনা। সংশ্লিষ্ট পুখুৰীটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা বুলি বন বিভাগে বন্ধ কৰি দিয়ে আঁচনিখনৰ কাম। বন বিভাগৰ এই কাৰ্যত ক্ষোভিত হৈ পৰে গাঁওবাসী। যুগ যুগ ধৰি ৰাজহুৱা পুখুৰী হিচাপে ব্যৱহাৰ কৰি থকা পুখুৰীটো কিদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰি আচঁনিখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰে ৰাইজ।

Leave A Reply