Breaking

পাকঘৰত এই ৫টা বস্তু ৰাখিলে যিকোনো সময়তে অসুস্থ হ’ব পাৰে আপুনি…

0 16

আপুনি জানেনে যে আপোনাৰ পাকঘৰত ৰখা কিছুমান বস্তুৱে আপোনাক ভিতৰৰ পৰা লাহে লাহে অসুস্থ কৰি তুলিব পাৰে। কেৱল খাদ্যই স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই এনে নহয়, আপুনি কেনেধৰণৰ পাত্ৰত ৰান্ধিছে আৰু কেনেধৰণৰ কাগজত পেক কৰিছে সেয়াও নিৰ্ভৰ কৰে। যদিও বছৰ বছৰ আগতে এইবোৰ বিষয়ত বহু অধ্যয়ন কৰা হৈছে, সজাগতাৰ অভাৱৰ বাবে মানুহে অন্ধভাৱে নিজৰ পাকঘৰত বিষাক্ত পদাৰ্থৰে ভৰা বস্তু ব্যৱহাৰ কৰি আছে।এনে পৰিস্থিতিত আজি আমি আপোনালোকক জনাম এনে কিছু কথা, যি সমূহ বস্তু পাকঘৰত কেতিয়াও ৰাখিব নালাগে-

উচ্চ উষ্ণতাত ননষ্টিক বাচন ব্যৱহাৰ কৰিলে পি এফ চি আৱৰণ ধোঁৱাৰ ৰূপত নিৰ্গত হয়, যাৰ ফলত যকৃতৰ ক্ষতি আৰু পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

বিশেষজ্ঞসকলে কয় যে WHOৰ তথ্য অনুসৰি মানৱ শৰীৰৰ বাবে ৫০ মিলিগ্ৰাম এলুমিনিয়ামৰ প্ৰয়োজন। কিন্তু গৱেষণাৰ মতে ফয়েলত পেক কৰা খাদ্যত বহুত থাকে এলুমিনিয়ামৰ পৰিমাণ। ইয়াত ২-৫ মিলিগ্ৰাম এলুমিনিয়াম থাকে, যাৰ নিয়মীয়া ব্যৱহাৰে শৰীৰত জিংক জমা হোৱাত সহায় কৰে। ইয়াৰ ফলত মগজু আৰু হাড়ৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা বৃদ্ধি পায়।


এলুমিনিয়ামে লাহে লাহে বিষৰ দৰে কাম কৰে। এনে পৰিস্থিতিত এলুমিনিয়ামৰ বাচন নিয়মিত ব্যৱহাৰ কৰিলে বৃক্ক আৰু হাওঁফাওঁৰ সমস্যা হ’ব পাৰে।

যদি আপুনি পাকঘৰত প্লাষ্টিকৰ চপিং বৰ্ড ব্যৱহাৰ কৰি শাক-পাচলি কাটিছে তেন্তে পেলাই দিয়ক। কিয়নো ভিজা চপিং বৰ্ডত ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়া থাকে যিয়ে পেটৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও আপোনাৰ খাদ্যত প্লাষ্টিকৰ কণাও পোৱা যায়, যাৰ ফলত স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা ৰোগৰ সৃষ্টি হয়। তাৰ সলনি কাঠৰ চপিং বৰ্ড ব্যৱহাৰ কৰক।

বিচফেনল এ (BPA) নামৰ ৰাসায়নিক যৌগ এটাৰ ব্যৱহাৰে প্লাষ্টিকৰ বটল আৰু পাত্ৰ মানুহৰ শৰীৰৰ বাবে বিপদজনক কৰি তোলে। এনে পাত্ৰ নিয়মিত ব্যৱহাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা, হৰম’নত প্ৰভাৱ পেলায় আৰু মেদবহুলতাৰ সৃষ্টি কৰিব পাৰে। প্লাষ্টিকৰ পাত্ৰত খাদ্য পুনৰ গৰম কৰিলে বিষাক্ত পদাৰ্থ নিৰ্গত হয় যিয়ে ইনচুলিনৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ পৰিৱৰ্তে কাঁচৰ বাচন ব্যৱহাৰ কৰিব পাৰে।

Leave A Reply