Breaking

অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…

0 12

অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে, থাকিব লাগিব কাৰাগাৰতে, উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি
অৱশেষত আজিও জামিন নাপালে অৰবিন্দ কেজৰিৱালে৷ উচ্চতম ন্যায়ালয়ে মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দিল্লী সুৰা নীতি গোচৰত অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ পৰ্ব আৰম্ভ কৰে যদিও শুনানিৰ কোনো ৰায়দান কৰাৰ সলনি সেয়া স্থগিত ৰাখে। শীৰ্ষ আদালতে কয় যে যদি যদি কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হয় তেন্তে তেওঁ মুখ্যমন্ত্ৰী হিচাপে কোনো চৰকাৰী কৰ্তব্য পালন কৰিব নোৱাৰিব। ইয়াৰ পিছতে অৰবিন্দ কেজৰিৱালে উচ্চতম ন্যায়ালয়ক কয় যে অন্তৱৰ্তীকালীন জামিনত মুকলি হ’লে তেওঁ কোনো চৰকাৰী ফাইলত স্বাক্ষৰ নকৰে বুলি প্ৰতিশ্ৰুতি দাখিল কৰিবলৈ ইচ্ছুক। আন এক ঘটনাক্ৰমত, দিল্লীৰ এখন আদালতে আজি অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ ২০ মে’লৈ বৃদ্ধি কৰিছে৷ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপংকৰ দত্তৰ বিচাৰপীঠে কয় যে অন্তৱৰ্তীকালীন জামিনত থাকোতে কেজৰিৱালে মুখ্যমন্ত্ৰীৰ চৰকাৰী কাৰ্য সম্পাদন কৰাৰ ফলত ব্যাপক প্ৰভাৱ পৰিব পাৰে।

কেজৰিৱালৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি বৃহস্পতিবাৰে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷দিল্লীৰ আবকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লোকসভা নিৰ্বাচনত প্ৰচাৰ চলাবলৈ অন্তৱৰ্তীকালীন জামিন দিয়া উচিত নে অনুচিত সেই বিষয়ত পৰ্যালোচনা কৰি আছে উচ্চতম ন্যায়ালয়ে৷ অৰবিন্দ কেজৰিৱালৰ আবেদন সন্দৰ্ভত মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানিৰ সময়ত ইডিৰ হৈ হাজিৰ থকা এএছজি এছ ভি ৰাজুৱে যুক্তি আগবঢ়ায়। এএছজি ৰাজুৱে উচ্চতম ন্যায়ালয়ক কয় যে মনীষ চিছোদিয়াৰ জামিন বাতিল হোৱাৰ পিছত ১১০০ কোটি টকাৰ সম্পত্তি জব্দ কৰা হৈছে।

এই সন্দৰ্ভত ন্যায়াধীশ খান্নাই প্ৰশ্ন কৰে যে উৎকোচৰ পৰিমাণ ১০০ কোটি টকা বুলি কোৱা হৈছিল যদিও ই কেনেকৈ ২-৩ বছৰত ১,১০০ কোটি টকা হ’ল? ন্যায়াধীশ খান্নাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এএছজি ৰাজুৱে কয় যে ৫৯০ কোটি টকা হৈছে পাইকাৰী বিক্ৰেতাৰ লাভ। ইয়াৰ সৈতে, সুৰা কোম্পানীবোৰে ৯০০ কোটি লাভ অৰ্জন কৰিছিল। উচ্চতম ন্যায়ালয়ে তেতিয়া কয় যে পাৰ্থক্য টো প্ৰায় ৩৩৮ কোটি টকা আছিল আৰু গোটেই বিষয়টো উৎকোচৰ বিষয় বুলি ধৰিব নোৱাৰি। ইয়াৰ পিছত এএছজি ৰাজুৱে ইডিৰ হৈ কয় যে যেতিয়া আমি তদন্ত আৰম্ভ কৰিছিলো, আমাৰ তদন্ত পোনপটীয়াকৈ তেওঁৰ (অৰবিন্দ কেজৰিৱাল) বিৰুদ্ধে নাছিল। অনুসন্ধানৰ সময়ত তেওঁৰ ভূমিকা পোহৰলৈ আহিছিল আৰু সেয়েহে প্ৰথমতে তেওঁক এটাও প্ৰশ্ন সোধা হোৱা নাছিল। তদন্তটো তেওঁৰ ওপৰত কেন্দ্ৰীভূত নাছিল।

Leave A Reply