Breaking

কেশৱ মহন্তৰ কবিতা- চমু আলোচনাঃ হিমাংশু ৰঞ্জন ভূঞা

0 246

অসমীয়া কবিতাই আধুনিকতাৰ যথাৰ্থ ৰূপ পৰিগ্ৰহ কৰাৰ ক্ষেত্ৰত যিসকল কবিৰ অৱদান অনস্বীকাৰ্য, সেইসকলৰ ভিতৰত কেশৱ মহন্তৰ নাম প্ৰণিধানযোগ্য ।কেশৱ মহন্ত একাধাৰে কবি, গীতিকাৰ, শিশু-সাহিত্য ৰচনাকাৰ, অনুবাদক আৰু নিবন্ধকাৰ। উল্লেখ্য যে, কেশৱ মহন্তই ‘জয়ন্তী যুগ’তে সাহিত্যিক জীৱন আৰম্ভ কৰিছিল। জয়ন্তী যুগৰ কবি-সাহিত্যিকসকল সমকালীন সমাজক প্ৰভাৱিত কৰা কিছুমান ঘটনাৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। পাৰ হৈ যোৱা দুখন বিশ্বযুদ্ধই সমসাময়িক সমাজ জীৱনৰ ভেটি প্ৰৱলভাৱে জোকাৰি তুলিছিল।

ফলস্বৰূপে সমসাময়িক কবিকূলে ৰোমাণ্টিক ভাব বিলাসৰ আবৰ্তৰ পৰা নিজকে মুক্ত কৰি বাস্তৱ দৃষ্টিৰে সমাজখন প্ৰত্যক্ষ কৰিবলৈ আৰম্ভ কৰিলে। অসমীয়া কাব্য-সাহিত্যলৈ এই সলনি হ’ব ধৰা সুৰটো কঢ়িয়াই অনাৰ দায়িত্ব পালন কৰে জয়ন্তী আলোচনীয়ে।


কবি কেশৱ মহন্ত উল্লেখ কৰা প্ৰগতিশীল ধাৰাটোৰ এগৰাকী লেখৰ কবি। এই সম্পৰ্কে হীৰেন্দ্ৰনাথ দত্তই আগবঢ়োৱা মন্তব্যটি উল্লেখযোগ্য – “কবি কেশৱ মহন্তৰ দীৰ্ঘকাল জোৰা কাব্য চৰ্চাৰ অন্তৰালত এটা প্রত্যয়ে নিৰন্তৰ ক্ৰিয়া কৰি আছে। সেইটো হৈছে সমাজবাদৰ ওপৰত তেখেতৰ অটল বিশ্বাস। এই বিশ্বাসৰ ভেটিত খোপনি ৰাখি তেখেতে বাস্তৱৰ জটিল আৰু বহুমুখী ৰূপ অনুধাৱন কৰে আৰু সংকটকালত তৰি থাকিবৰ বাবে মানুহৰ অপৰাজেয় শক্তি আৰু সম্ভাৱনাৰ কথা সুবিধা পালেই সোঁৱৰায় । ৰোমাণ্টিক ভাৱধাৰাৰ কবিতাৰ বিপক্ষে তাহানি চল্লিশৰ দশকতে স্থিতি লৈ তেখেতে সমাজমুখী বাস্তৱানূগ কবিতা ৰচিবলৈ আৰম্ভ কৰিছিল ।……যোৱা ষাঠি বছৰৰ অন্তৰ্গত কালছোৱাত কেশৱ মহন্তৰ সমাজবাদী ভাবধাৰাৰ কবিতাও বেলেগ বেলেগ ধাৰাৰে আগবাঢ়িছে, কাৰণ বিশ্ব বিয়াপি সমাজবাদী কবিতাই লক্ষ্যণীয় বিস্তৃতি লাভ কৰিছে আৰু আঙ্গিকৰ ক্ষেত্ৰতো নতুনত্ব আহি পৰিছে। মহন্তৰ কবি সত্তা নতুন গতিপথৰ সন্ধানী।”

সমাজবাদী চিন্তাৰ দ্বাৰা উদ্বুদ্ধ কবি গৰাকীৰ মন সমাজৰ অবহেলিত, নিপীড়িত, শোষিত-বঞ্চিতজনৰ প্ৰতি সহানুভূতিশীল। ব্যক্তি মনৰ নিষ্কলুষ ভাবনাৰ লগতে সমাজৰ তথাকথিত ‘বৰ মানুহ’ৰ কপটতা আৰু স্বাৰ্থপৰতাৰ নির্মোহ চিত্ৰ তেওঁৰ ভালেকেইটা লেখত ল’বলগীয়া কবিতাৰ মাজেদি প্ৰকাশ পাইছে। তাৰ বিপৰীতে তেওঁৰ কবিতাত চিত্ৰিত হোৱা গ্ৰাম্য জীৱনৰ সহজ-সৰল ৰূপৰ মাজেদি অসমৰ গ্ৰাম্য সমাজৰ এখন সার্থক প্রতিচ্ছবি প্ৰতিভাত হৈছে— য’ত অসমৰ লোকজীৱন, লোকমন, লোকচিন্তা আৰু বিশ্বাস-পৰম্পৰা কোঁহে-কোঁহে বিদ্যমান। গঞা জীৱনৰ চিত্ৰ ইমান নিহ-নিপানীকৈ ফুটাই তুলিব পৰা কবিৰ সংখ্যা অসমীয়া সাহিত্যত তাকৰ। কেশৱ মহন্তৰ চাৰিখন কাব্য সংকলন আছে। সেই কেইখন হৈছে আমাৰ পৃথিৱী (১৯৪৬), আগন্তুক (১৯৬৩), তোমাৰ তেজ (১৯৮৫) আৰু মোৰ শুকান কলিজাৰ কুঁহিপাত (২০০০)।

এই গৰাকী ‘মানুহকূলীয়া’ কবি কায়-মনোবাক্যে জনসাধাৰণৰ কবি আছিল। সমাজৰ নিচেই তুচ্ছ, সাধাৰণ মানুহজনৰ প্ৰতি কবিৰ মনত যি সমবেদনাপূর্ণ মনোভাব সেয়াই তেওঁৰ কাব্য সাধনাৰ পথত ন ন দিশৰ সন্ধান দিছিল। এগৰাকী স্বনামধন্য কাব্য সমালোচকৰ কথাত সুৰ মিলাই ক’বলৈ হ’লে কবি কেশর মহন্তই সমাজবাদক জীৱনৰ আদর্শ হিচাপে গ্রহণ কৰিলেও তেওঁৰ সেই সমাজবাদী বা বৈপ্লৱিক চিন্তা ওপৰতে ওলমি থকা নাই। তেওঁৰ কবিতা সামাজিক আৰু ৰাজনৈতিক চেতনাৰ শিল্পসম্মত প্রকাশ-

“পাইছ নে কংগোৰ খবৰ?
লুমুম্বাৰ মৰা পোনাটিক চাবলৈ নিদিলে সিহঁতে পলিন লুমুম্বাজনী শোকতে বাউলী” (সোণজিৰা মাহীৰ নাড়ী)

আনে সংঘাত জৰ্জৰ কংগোৰ খবৰ নাৰাখিলেও আমাৰ কবি কেশব মহন্তই ১৯৬০-১৯৬৬ চনলৈকে চলা কংগোৰ সংঘাতৰ খবৰ ভালদৰেই ৰাখিছিল ৷ অসমীয়া কাব্য সাহিত্যত ৰোমাণ্টিক যুগৰ অৱসানৰ পিছত আৰম্ভ হোৱা নতুন কাব্য ধাৰাটোৰ কবিকুলে সমাজ আৰু ব্যক্তিক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিলে। কবিসকলৰ দৃষ্টি অসমীয়া সমাজক চেৰাই বিশ্ব সমাজলৈ প্ৰসাৰিত হ’ল। নতুন উপলব্ধিয়ে তেওঁলোকৰ অভিজ্ঞতাৰ জগত আৰু বৌদ্ধিক জগতৰ পৰিপুষ্টি সাধন কৰিছিল। এনে চিন্তাধাৰাবে পৰিপুষ্ট কবি কেশৱ মহন্তৰ ৰাজনৈতিক চেতনাই কংগোৰ সংকটক আওকাণ কৰিব পৰা নাছিল। সেই চেতনাৰ লগত তেওঁৰ সামাজিক চেতনাও সম্পৃক্ত হৈ আছিল। সেয়েহে কংগোৰ সংঘাত জৰ্জৰ পৰিস্থিতিৰ বলি হেজাৰ হেজাৰ জনতাৰ প্ৰতি তেওঁৰ মন সমবেদনাৰে পূৰ্ণ হৈছিল। নির্দোষী জনতাক নৰক যন্ত্রণা দিয়া পীড়কহঁতৰ প্রতি তেওঁৰ মন ঘৃণাৰে উপচি পৰিছিল। কিন্তু সমবেদনা প্রকাশ কৰাৰ বাহিৰে তেওঁৰ একো এটা কৰিবলৈ বাট নাছিল। উৎপীড়ক, স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে তেওঁৰ মন জাগ্রত হৈছিল। এই চেতনাৰে এটা শিল্প সম্মত রূপ ওপৰত উল্লেখ কৰি অহা কবিতা কেইফাকিৰ মাজেদি বিবৃত হৈছে।

মার্ক্সীয় আদর্শৰ দ্বাৰা প্রভাৱিত কবিয়ে তেওঁৰ ৰচনাত অর্থনৈতিকভাবে দুটা মেঝত বিভক্ত সমাজখনৰ কথাও আলোচনা কৰিছে –

“মোৰ অমাঙ্গলিক বাটৰ অন্ধকাৰৰ এটা খহনীয়া কেঁকুৰিত
এজনী সমকালীন এলান্ধুকলীয়া বিবর্জিতাই খুচৰি আছিল তাইৰ জীৱিকা ৰাজাধিৰাজৰ ৰাজসূয় যজ্ঞৰ চুৱা-পাতনিত”
(মোৰ চাকিগছ)

কবিতাটিত ধনী-দুখীয়া- এই দুই মেঝত বিভক্ত সমাজখনৰ নগ্ন প্রতিচ্ছবি প্রতিভাত হৈছে। ‘খহনীয়া কেঁকুৰি’ স্খলনমুখী সমাজখনৰ প্রতীক। স্তৱকটোৰ শেষৰ তিনিফাঁকি কবিতাই বাস্তৱৰ এখন নিঃকৰুণ, অমানৱীয় চিত্র প্রতিফলিত কৰিছে।

আগতেই উল্লেখ কৰা হৈছে যে কেশৱ মহন্ত এগৰাকী গীতিকাৰ হিচাপেও প্রসিদ্ধ। তেওঁৰ কবিতাসমূহলৈ গীতিকাৰ কেশৱ মহন্তৰ প্রভাৱ সংক্রমিত হৈছে। তেওঁৰ সেই সুৰীয়া অনুভূতিৰ লগত সম্পৃক্ত হৈ আছে সৰল চহা জীৱনৰ ৰূপ, বস, গোন্ধ। নানা প্রতীক আৰু চিত্ৰকল্পৰ সমাবেশত তেওঁৰ সেই কবিতাবিলাক ৰসগ্রাহী পাঠকৰ অতি আপোন হৈ পৰিছে। ‘আঘোণৰ কুঁৱলী’ তেওঁৰ এনে এটা মনোগ্রাহী, হৃদয়স্পর্শী কবিতা।

“কুঁৱলী নথকা হ’লে দেখিলোহেঁতেন বা পতা-সোণ-বৰণীয়া ধানৰ আঁচল,
আঙুলিৰে মুঠি মৰা
কেচ্ কেচ্ চিমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মুৰবোৰ ওপৰলে’ তুলিবৰে সময় নোপোৱা।”
(আঘোণৰ কুঁৱলী)

অসমৰ গ্ৰাম্য জীৱনত আঘোণৰ তাৎপর্যই বেলেগ। আঘোণত ধান পকে, দাৱনীহঁতে সোণালী শস্য লখিমী বুলি ভঁৰাললৈ চপাই আনে। মনত উল্লাস ভাব আৰু উৎসাহ-উদ্দীপনা লৈ জুম বান্ধি দাৱনীহঁত সোণালী দলিচা মেলি থোৱা বিস্তত পথাৰত ভৰি দিয়ে। “ওপৰলে’ তুলিবৰে সময় নোপোৱা” দাৱনীহঁতৰ খিলখিলীয়া হাঁহিয়ে পথাৰ-বন ঢৌৱাই যায়। সেই কষ্ট সহিষ্ণু দাৱনীহঁতৰ হাঁহিৰ টুকুৰাই কবিৰ কৰ্ণেন্দ্ৰিয়ক অনাবিল তৃপ্তি প্রদান কৰে। কিন্তু তেওঁ যেন হেঁপাহ পলুৱাই সেই বিমল আনন্দ উপভোগ কৰিবলৈ অপাৰগ। কাৰণ ‘কুঁৱলী’ আন একো নহয়- এয়া হৈছে কঠোৰ বাস্তৱিকতাৰে প্রতীক। অথচ কবিৰ কাপেদি নিসৃত হোৱা অনুপম শব্দবোৰৰ মাজেদি অসমীয়া সমাজ জীৱন, অসমৰ গ্ৰাম্য সভ্যতা, অসমৰ শৰৎকালীন সৌন্দৰ্যৰ টুকুৰা চিত্ৰ আৰু দৈনন্দিন জীৱনৰ দেনা-পাওনাৰ চিন্তাত নিমগ্ন হৈ থকা ব্যক্তি মনৰ যি অসহায় ৰূপ আৰু হতাশাগ্রস্ততা- সেয়া যেন কবিয়ে ‘সেউতী’জনীক হেৰোৱা দুখানুভূতিৰ লগত মিলি গৈছে।

“(বৌদেউ,
আপুনি যে কৈছিলে সেউতীৰ কথা!
মোৰ কথা সেউতীক কৈছিলে জানো?)

আঘোণৰ কুঁৱলীতে সেউতী হেৰালে ডাঙৰি বান্ধিম বলি তৰা-জৰী তোলাতে থাকিলে…

(আঘোণৰ কুঁৱলী)

অসমৰ অতীত সাংস্কৃতিক ঐতিহ্যৰ প্রতিও কবি শ্রদ্ধাশীল। অসমৰ পৰম্পৰাগত লোকগাথা, লোককাহিনী, গীত-মাত, বিশ্বাস-পৰম্পৰা সকলোৱে আহি তেওঁৰ কবিতাত ভুমুকি মাৰিছেহি- কেতিয়াবা প্রতীক, চিত্রকল্প হিচাপে আৰু কেতিয়াবা মটিফ হিচাপে –

তেজীমলা মৰা নাই
জৰাতেই তাইৰ জড় হৈ যোৱা নাই
তেজীমলাই ৰূপহে সলায় অত্যাচাৰৰ প্রতিশোধ লবল’ই
তেজীমলা জানো ফুল
‘হাতো নেমেলিবি ফুলো নিছিঙিবি
তেজীমলাহে মই’

তেজীমলা জানো লাও
‘… তেজীমলাহে মই”

(এটা কবিতা পঢ়ি)

আমাৰ প্ৰায় সকলোৱে তেজীমলাৰ সাধুটো জানে। মাহীমাকে অবর্ণনীয় অত্যাচাৰ কৰি তেজীমলাক মৃত্যুৰ মুখলৈ ঠেলি পঠিয়াইছিল। আজিৰ সমাজতো ‘তেজীমলা’ৰ অভাৱ নাই। কিন্তু আজিৰ তেজীমলাই প্রতিবাদ কৰিব জানে। আজিৰ তেজীমলাই মাহীমাক ৰূপী শোষক-উৎপীড়কক চিনি পোৱা হৈছে। সমাজ সচেতন কবি কেশর মহন্তই সৰ্বসাধাৰণ ৰাইজ ছদ্মবেশী শোষকসকলক চিনাক্ত কৰি সিবিলাকৰ শোষণ, উৎপীড়নৰ বিৰুদ্ধে প্রতিবাদ কল্পে যথোচিত ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে।

এইদৰে সমাজ জীৱন আৰু ব্যক্তি জীৱনৰ বর্ণাঢ্য চিত্র কেশৱ মহন্তৰ কবিতাৰ মাজেদি ফুটি উঠিছে। সমাজবাদী চিন্তাৰ দ্বাৰা উদ্বুদ্ধ কবি গৰাকীৰ মন সমাজৰ অবহেলিত, নিপীড়িত, শোষিত-বঞ্চিতজনৰ প্রতি সহানুভূতিশীল। ব্যক্তি মনৰ নিষ্কলুষ ভাবনাৰ লগতে সমাজৰ তথাকথিত ‘বৰ মানুহ’ৰ কপটতা আৰু স্বাৰ্থপৰতাৰ নির্মোহ চিত্ৰ তেওঁৰ ভালেকেইটা লেখত ল’বলগীয়া কবিতাৰ মাজেদি প্ৰকাশ পাইছে। তাৰ বিপৰীতে তেওঁৰ কবিতাত চিত্রিত হোৱা গ্রাম্য জীৱনৰ সহজ-সৰল ৰূপৰ মাজেদি অসমৰ গ্ৰাম্য সমাজৰ এখন সার্থক প্রতিচ্ছবি প্রতিভাত হৈছে- য’ত অসমৰ লোকজীৱন, লোকমন, লোকচিন্তা আৰু বিশ্বাস-পৰম্পৰা কোঁহে-কোঁহে বিদ্যমান। গঞা জীৱনৰ চিত্ৰ ইমান নিৰহ-নিপানীকৈ ফুটাই তুলিব পৰা কবিৰ লেখ অসমীয়া সাহিত্যত তাকৰ। সেই কেইগৰাকী লেখৰ কবিৰ ভিতৰত কেশৱ মহন্তও অন্যতম।

( লিখক শিক্ষাবিভাগৰ বিশ্বনাথ জিলাৰ নলবাৰী মণ্ডলৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক )

Leave A Reply