Breaking

খানামুখ ৰাজহুৱা নামঘৰৰ দুদিনীয়া ভোগালী বিহু

0 1,056

ৰাজ্যৰ আন আন প্ৰান্তৰ দৰে কংক্ৰিটৰ মহানগৰী হিচাপে পৰিচিত গুৱাহাটীটো পৰম্পৰা অক্ষুণ্ণ ৰাখি ভোগালী বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। আনহাতে গুৱাহাটীৰ আন আন অঞ্চলৰ লগতে পশ্চিম প্ৰান্তৰ খানামুখ অঞ্চলটোৰো কেবাখনো খেলবাসীয়ে পৰম্পৰা ৰক্ষা কৰি কভিড পৰিস্থিতিৰ মাজতো ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি  আৰম্ভ কৰিছে। এই সন্দৰ্ভত অঞ্চলটোৰ ডাঙৰ খেল হিচাপে পৰিগণিত খানামুখ ৰাজহুৱা নামঘৰ ( ফুকনৰ পাৰ) পৰিচালনা কমিটিৰ সাধাৰণ সম্পাদক চন্দন কলিতা আৰু প্ৰচাৰ সম্পাদক  প্ৰদীপ কলিতাই (নামান)  জানিবলৈ দিয়া মতে খেলবাসীয়ে ১৩ আৰু ১৪ জানুৱাৰীত দুদিনীয়াকৈ ভোগালী বিহু উদযাপন কৰিব।

১৩ জানুৱাৰীত  নিশা খেলবাসীৰ প্ৰায় ৮০ টা মান পৰিয়ালৰ পুৰুষ মহিলা নিৰ্বিশেষে সকলোৱে নামঘৰৰ বাকৰিত লগে ভাগে উৰুকাৰ ভোজ খাব। তাৰ পাছত পাছদিনা ১৪ জানুৱাৰীত  পুৱা অগ্নি দেৱতাক সাক্ষী কৰি ভেলাঘৰ  জ্বলোৱা হব। তাৰ পাছত বছেৰেকীয়া সভা অনুষ্ঠিত হব। সভাৰ অন্তত প্ৰসাদ বিতৰণৰে দুদিনীয়া ভোগালী বিহুৰ কাৰ্যসূচীৰ সামৰণি মৰা হব। চন্দন কলিতাই জানিবলৈ দিয়া মতে আজি খেলবাসীৰ ডেকা সকলে ভেলাঘৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে।

Leave A Reply