Breaking

খাৰুপেটিয়া আৰক্ষীৰ বৃহৎ সফলতা, ১০ লাখ টকাৰ জাল নোট সহ এজনক গ্ৰেপ্তাৰ

0 77

দৈনন্দিন বাৰ্তাৰ সেৱা, খাৰুপেটিয়া, ৮ নৱেম্বৰঃ দৰং জিলাৰ খাৰুপেটিয়া আৰক্ষীৰ বৃহৎ সফলতা। ১০ লাখ টকাৰ জাল নোট সহ এজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে খাৰুপেটিয়া আৰক্ষীয়ে। এক গোপন সূত্ৰৰ পম খেদি খাৰুপেটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতিৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে শ্যামটিলাৰ পৰা জব্দ কৰে জালনোট খিনি। শ্যামটিলাৰ আব্বাছ আলীয়ে বিক্ৰী কৰিবলৈ অনা দহ লাখ টকাৰ জাল নোট  জব্দ কৰে আৰক্ষীয়ে।

জালনোট সৰবৰাহ কাৰী যুৱকজন ধুলা আৰক্ষী থানাৰ অন্তৰ্গত মৌছিঠা গলন্ধী হাবি গাঁৱৰ বুলি জানিব পৰা গৈছে। দুষ্ট চক্ৰটোৱে অঞ্চলখনত পূৰ্বৰ পৰাই চলাই আহিছিল জাল নোট সৰবৰাহকাৰী কাৰ্য্য। ধৃত আব্বাছ আলীক খাৰুপেটিয়া আৰক্ষী থানাত 484/20 নং কেছ ৰুজু কৰি ভাৰতীয় দণ্ডাধীশ আইনৰ 489A/ 489D ধাৰা অনুযায়ী মঙ্গলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে।ইউছুফ আলী নামৰ যুৱকজনক পকেট মাৰাৰ অভিযোগত আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে খাৰুপেটিয়া আৰক্ষীয়ে।

Leave A Reply