Breaking

দিখৌমুখত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ পদক বিজয়ী ভাৰোত্তোলক বৰ্ণালীক সম্বৰ্দ্ধনা

0 71

নতুন দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰা দিখৌমুখ হেলথ এণ্ড এথলেটিকচ ক্লাবৰ খেলুৱৈ – প্ৰশিক্ষক তথা আন্তৰাষ্ট্ৰীয় ভাৰোত্তোলক বৰ্ণালী বড়াক সোমবাৰে ক্লাবৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়৷

অ বি চি ডেভেলপমেণ্ট বৰ্ড, শিৱসাগৰৰ অধ্যক্ষ তথা সমাজকৰ্মী হেমন্ত কুমাৰ গগৈয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰ্ণালীক সম্বৰ্দ্ধনা পত্ৰ আৰু গামোছাৰে ওলগ জনায়৷ দিখৌমুখ ৰঘূবাৰী গাৱৰ বৰ্ণালীয়ে আহি থকা সময়ত দেশৰ হৈ পুণৰবাৰ আন্তৰাষ্ট্ৰীয় মঞ্চত পদক জয়েৰে সকলোকে গৌৰৱান্বিত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে৷

আনহাতে টাইকোৱানডোৰ ব্লেক বেল্ট ডিগ্ৰীধাৰী হেমন্ত কুমাৰ গগৈয়ে “ খেল আজিৰ সময়ত এটা কেৰিয়াৰ ৷ অতি মনোযোগ আৰু অধ্যৱসায়েৰে খেলুৱৈ সকলে প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগে আৰু খেলি যাব লাগে ৷ ” বুলি প্ৰশিক্ষাৰ্থী সকলক আহ্বান জনাই কয়, “খেলৰ লগতে পঢ়া শুনা কৰি যাব পাৰিলে ভাল ৷ কেৱল যে পঢ়িবই লাগিব তেনে এটা চিন্তাধাৰা থাকিব নালাগে ৷ যি খেলে ভালদৰে খেলিব লাগে ৷” গাঁৱত ভাল খেলুৱৈ গঢ়ি উঠাৰ সম্ভাৱনীয়তা বেছি বুলিও প্ৰাক্তন খেলুৱৈ গৰাকীয়ে উল্লখ কৰি কয়, “গাঁৱতহে প্ৰতিভা লুকাই থাকে ৷ নগৰত সা সুবিধা যথেষ্ট আছে কিন্তু পৰিশ্ৰম কৰা মানুহৰ সংখ্যা কম ৷ খেলৰ বাবে অতিৰিক্ত পৰিশ্ৰম কৰিব লাগে৷ গাঁৱৰ লৰা ছোৱালীবোৰ প্ৰাকৃতিক ভাবেই উপযুক্ত ৷ জাতিৰ আৰু নিজৰ নিজৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰতিগৰাকী খেলুৱৈয়ে নিজা ববীয়াকৈ চেষ্টা কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে ৷”

উল্লেখ্য, সম্প্ৰতি ছাইৰ ইটানগৰস্থিত এক্সিলেন্সি চেন্টাৰত উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি থকা বৰ্ণালীয়ে কয় যে গাৱৰ পৰাই তাই সপোন দেখি আগবাঢ়ি গৈছে আৰু প্ৰতিগৰাকী খেলুৱৈয়ে সপোন দেখিব লাগিব ৷

শিৱসাগৰৰ সমাজকৰ্মী ৰাণা সিং, খেলো ইণ্ডিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰা ক্লাবটোৰ ভাৰোত্তোলনৰ মুখ্য প্ৰশিক্ষক ( এন আই এছ) গৌৰাঙ্গ বৰা, টাইকোৱানডোৰ মুখ্য প্ৰশিক্ষক তীক্ষ্ণজিৎ শইকীয়া, ক্লাবৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া, সহকাৰী সম্পাদক বিপ্লৱ শইকীয়া, প্ৰচাৰ সম্পাদক বেদান্ত বৰুৱা, ক্লাবৰ অভিভাৱক সমিতিৰ সাধাৰণ সম্পাদক লাচিত দত্ত আদিৰ উপস্থিতিত এই অনুষ্ঠানতেই মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ক্লাৱৰ প্ৰশিক্ষাৰ্থী চন্দোৎপল শইকীয়া, আকাশ দত্ত, বিতোপন শইকীয়া, তন্ময় বৰুৱা আৰু হিমাশ্ৰী বৰুৱাকো সম্বৰ্দ্ধনা জনোৱা হয় ৷

Leave A Reply