Breaking

জানক ব্লেকহেড আঁতৰাবলৈ ঘৰুৱা উপায়…

0 96

যিকোনো ধৰণৰ ছাল ক’লা দাগ ৰোগত আক্ৰান্ত হ’ব পাৰে। সাধাৰণতে নাক, ডিঙি, পিঠি, বুকু আৰু কপালত বেছিকৈ থাকে । ভাৰতৰ লাইফষ্টাইল এণ্ড হেল্থ ৱেবছাইট ব’ল্ডস্কাইৰ এক প্ৰতিবেদন অনুসৰি হৰম’নৰ বিকাৰৰ বাবে বহু লোক ক’লা দাগত আক্ৰান্ত হয়। কিন্তু চিন্তা কৰিবলগীয়া একো নাই। কিছুমান প্ৰাকৃতিক উপায়েৰে এই সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ-

বেকিং ছ’ডা, নেমুৰ ৰস আৰু কেঁচা গাখীৰ

ব্লেকহেড কমোৱাত বেকিং ছ’ডা অতি ফলপ্ৰসূ। ই ছাল পৰিষ্কাৰ কৰাত সহায় কৰে। নেমুৰ ৰসে ছালৰ জিলিকনি ঘূৰাই আনে। কেঁচা গাখীৰত বি ভিটামিন, আলফা-হাইড্ৰক্সি এচিড, কেলচিয়াম আৰু এন্টিঅক্সিডেন্ট থাকে। ই ছালৰ বাবে ক্লিনজাৰ হিচাপে কাম কৰে।

দুচামুচ বেকিং ছ’ডা, এচামুচ নেমুৰ ৰস আৰু দুচামুচ কেঁচা গাখীৰ খাব লাগে। এতিয়া সকলো উপাদান মিহলাই লওক। তাৰ পিছত মুখত ভালদৰে লগাব লাগে। পাঁচ মিনিটৰ বাবে থৈ দিব। তাৰ পিছত ইয়াৰ দ্বাৰা মুখখন ভালদৰে মালিচ কৰক। এতিয়া পানীৰে ধুই মুখত টোনাৰ লগাওক। সপ্তাহত এবাৰ হ’লেও এই কামটো কৰক। ভাল ফলাফল পোৱা যাব।

নিমখ আৰু নেমু

নিমখে ছাল পৰিষ্কাৰ কৰি ক’লা দাগ আঁতৰোৱাত সহায় কৰে। এচামুচ নিমখৰ লগত এচামুচ নেমু আৰু এচামুচ পানী মিহলাই লব। এতিয়া মিশ্ৰণটো মুখত লগাই লাহে লাহে ১০ মিনিট মালিচ কৰক। তাৰ পিছত ধুই পেলাওক।

দালচেনি, নেমুৰ ৰস আৰু মৌ

ডালচেনিয়ে যেনেকৈ খাদ্যৰ সোৱাদ বৃদ্ধি কৰে ঠিক তেনেদৰে ইয়াৰ স্বাস্থ্য আৰু সৌন্দৰ্য্যৰ গুণো আছে। ইয়াৰ এন্টি-বেক্টেৰিয়েল গুণ আছে, যিয়ে ব্ৰণ আৰু ক’লা দাগ আঁতৰোৱাত সহায়ক। ডালচেনিৰ গুড়ি বনাই মৌ আৰু নেমুৰ ৰসত ভালদৰে মিহলাই লওক। এতিয়া ছালত লগাওক। ১৫ মিনিট এনেকৈ থৈ দিব। তাৰ পিছত ধুই পেলাওক।

কণীৰ কুহুম আৰু মৌ

কণীৰ কুহুমত ভিটামিন আৰু এমিনো এচিড থাকে, যিবোৰ ছালৰ বাবে অতি উপকাৰী। কণীৰ কুহুমত এচামুচ মৌ মিহলাই মুখত লগাওক। শুকালে ঠাণ্ডা পানীৰে ধুই পেলাব লাগে। দৈনিক প্ৰয়োগ কৰক। আপুনি দেখিব যে ছালখন স্পষ্ট আৰু উজ্জ্বল হ’ব।

Leave A Reply