Breaking

চকুপানী নুটুকাকৈ পিয়াঁজ কেনেকৈ কাটিব জানক…

0 23

বিভিন্ন প্ৰকাৰৰ পিয়াঁজ –

পিয়াঁজৰ বিভিন্ন প্ৰকাৰৰ প্ৰজাতি আছে ৷ প্ৰজাতিভেদে আকাৰ, বৰণ আৰু গুণাগুণৰ কিছু তাৰতম্য থাকে ৷ সাধাৰণতে প্ৰচলিত পিয়াঁজৰ কিছুমান প্ৰজাতিৰ নামাকৰণ এনেকুৱা – হালধীয়া পিয়াঁজ,ৰঙা পিয়াঁজ, বগা পিয়াঁজ, সেউজীয়া পিয়াঁজ, মিঠা পিয়াঁজ আদি ৷ হালধীয়া পিয়াঁজত চুগাৰ আৰু চালফাৰ বেচিকৈ থাকে ৷ ৰঙা পিয়াঁজত চুগাৰ আৰু চালফাৰ কমকৈ থাকে ৷ মিঠা পিয়াঁজত চালফাৰ কম, পানীৰ পৰিমাণ বেচিকৈ থাকে ৷ বগা পিয়াঁজ সাধাৰণতে পিজ্জাত দিবলৈ ব্যৱহাৰ কৰে ৷

চকুপানী নুটুকাকৈ পিয়াঁজ কেনেকৈ কাটিব ?

  • দিনটোৰ বাবে প্ৰয়োজন হোৱা পিয়াঁজকেইটা আগদিনা ৰাতি ফ্ৰিজত থৈ কাটিলে সিমান চকুত নধৰে ৷
  • বাকলি গুছোৱাৰ আগতে শিপাৰ অংশটো কিছু মাংসল অংশৰ সৈতে চোকা কটাৰীৰে ত্ৰিভূজ আকাৰকৈ কাটি পেলাই দিব ৷

  • নাইবা বাকলি গুছোৱাৰ আগতে আগ অংশটো পোনতে কাটক ৷ তাৰ পিছত ঠিয়কৈ পিয়াঁজটো দুফাল কৰি নলগা বাকলিখন পেলাই দিয়ক ৷ এতিয়া ক্ৰমেও পৰা পৰা তললৈ কাটি যাওক ৷ শিপা অংশ শেষত পেলাই দিব ৷

Leave A Reply