Breaking

গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক…

0 118

গৰমদিন সমাগত ৷ আমি ইতিমধ্যে গৰম অনুভৱ কৰিলোৱেই । বাহিৰত ওলালেই প্ৰখৰ ৰ’দে পুৰি যোৱা ছালৰ কাৰণে সততে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ ৷ প্ৰখৰ ৰ’দত অলপ সময় থাকিলেই আমি ভাগৰুৱা অনুভৱ কৰোঁ। ইয়াৰ কাৰণ হৈছে আমাৰ শৰীৰটোৱে হাইড্ৰেড হ’বলৈ নাপায়৷ কেৱল যে আমাৰ শৰীৰটোৱেই প্ৰখৰ ৰ’দত ক্ষতি হয় ৷ তেনে নহয় ,আমাৰ শৰীৰৰ ছাল খনো গ্ৰীষ্মৰ প্ৰখৰ ৰ’দে পুৰি নিয়ে। আমাৰ ছালখনত ছানবাৰ্ণ কৰি ক’লা কৰি দিয়ে ৷ আকৌ কিছু সংখ্যক যুৱক যুৱতীৰ ৰ’দত অলপ সময় থাকিলেও ছালখন ক’লা পৰি যায়।

গতিকে আহক জানো গ্ৰীষ্মৰ বতৰত আপোনাৰ ছালখনক কেনেদৰে সতেজ কৰি ৰাখিব পাৰে ৷ সাম্প্ৰতিক সময়ত সকলোৰে ব্যস্ততাপূৰ্ণ জীৱনত নিজৰ নিজৰ কামত ওলাই যাব লগোৱা হয়। গতিকে প্ৰখৰ ৰ’দৰ পৰা নিজক ৰক্ষা কৰিবলৈ ছানস্কীণ লগাবলৈ নাপাহৰিব ৷ লগতে , কেতিয়াও আপোনাৰ ছাল খনক ময়শ্বৰাইজাৰ লগাবলৈও নাপাহৰিব ৷ কাৰণ ময়শ্বৰাইজাৰে আপোনাৰো ছাল খনক সতেজ কৰি ৰাখে। অন্যহাতে দিনৰ ভাগত ময়শ্বৰাইজাৰ ব্যৱহাৰ কৰোঁতে এচপিএফ সমৃদ্ধ ময়শ্বৰাইজাৰহে লগাব ৷ ট’নাৰ ছালৰ কাৰণে অত্যন্ত উপযোগী। গৰম দিনত আমাৰ মুখৰ টি জ’ন অংশত তৈলাক্ত হৈ থকা দেখিবলৈ পোৱা যায়। গতিকে ট’নাৰে আমাৰ ছালৰ পৰা অতিৰিক্ত তেল আঁতৰাই আমাৰ ছালখনক অতিৰিক্ত তেলৰ পৰা ৰক্ষা কৰে ৷ ইফালে মুখৰ বন্ধ হৈ থকা ৰন্ধ্ৰ সমূহ টনাৰে মুক্ত কৰি দিয়ে। গতিকে আপুনিও ট’নাৰ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পাৰে ৷ পানীয়েই আমাৰ প্ৰাণ ৷ গৰম দিনত সকলোতকৈ আৱশ্যকীয় সামগ্ৰীবিধ হ’ল পানী। গতিকে যিমান পাৰি পানী খাওঁক ৷

পানী খোৱাত কৃপনালি নকৰিব ৷ যেতিয়া বাহিৰত উলাই যাব পানীৰ বটলটো লৈ যাবলৈ নাপাহৰিব ৷ গৰমৰ দিনত পানী সেৱন কৰাৰ পিছত ট’ক্সিনৰ ৰূপত আমাৰ শৰীৰৰ পৰা উলাই যাব৷ আপুনি সতেজ অনুভৱ কৰিব ৷ আৰু আপোনাৰ দৈনিক ৰুটিনত শৰীৰটো অথবা ছালৰ কাৰণে অলপ সময় ল’ব ৷ অন্যহাতে সাধাৰণ ছালতকৈ সংবেদনশীল ছালৰ লোকসকলে ছালৰ পৰিচৰ্যা অলপ বেছিকৈ ল’ব ৷ অন্যহাতে গৰম দিনত মুখত প্ৰসাধন অলপ কমকৈ লগাবলৈ চেষ্টা কৰিব ৷ কাৰণ বেছিকৈ কৰা প্ৰসাধনে ছালখনক ক্ষতি কৰিব পাৰে ৷ বাহিৰলৈ গ’লে এচপিএফ সমৃদ্ধ চানবাৰ্ণ লগাবলৈ নাপাহৰিব ৷ গ্ৰীষ্ম বৰ্ষত আপুনি ব্যৱহাৰ কৰা মইশ্বৰাইজাৰটোৱে যাতে আপোনাৰ ছালত কোনো ধৰণৰ প্ৰভাৱ নেপেলায় তাৰ প্ৰতি দৃষ্টি ৰাখিব ৷ কাৰণ শীত কালত আমি আমাৰ ছালখনক তৈলাক্ত হৈ থকাটো বিচাৰোঁ ৷ কিন্তু গ্ৰীষ্ম বৰ্ষত আমাৰ ছানখনত তৈলাক্ত হৈ থকা ক্ৰীম উপযোগী ন’হ’বও পাৰে ৷ যেনেকৈ শীতৰ কালত আমাৰ ছাল ওঁঠ সতেজ হৈ থাকিবলৈ আমি লিপবাম ব্যৱহাৰ কৰোঁ ৷ তেনেকৈ গ্ৰীস্ম কালতো লিপ বাম ব্যৱহাৰ কৰিবলৈ একেবাৰে নাপাহৰিব ৷ আৰু লিপ বামটোও এচপিএফ সমৃদ্ধ লগালে ভাল ৷ গতিকে এই কেইটা বিধি আপোনাৰ সুবিধা অনুসৰি আপুনি আপোনাৰ ছালত ব্যৱহাৰ কৰিব । আৰু গৰমৰ দিনতো জিলিকি থাকক বহুতৰ মাজত ৷

Leave A Reply