Breaking

শীতকালত শৰীৰৰ প্ৰতিটো অংগৰ কেনেকৈ যত্ন লোৱা দৰকাৰ জানক…

0 80

*চুলি:শীতৰ শুকান বতাহৰ প্ৰভাৱত মুৰৰ চুলিৰ গুৰিবোৰ শুকাই যায় আৰু মুৰত উফি হয়।লগতে চুলি সৰিবলৈ ধৰে।আকৌ শীতত গৰম পানীৰে মুৰ ধোৱাৰ বাবে মুৰৰ ছাল শুকাই যায় আৰু চুলি সৰিবলৈ ধৰে।শীতকালি কেতিয়াবা হাত-ভৰিৰ ছাল আৰু মাংসপেশী টানি ধৰে।হাত-ভৰি সিৰামুৰি ধৰে।কাম-বন কৰাত অসুবিধা হয়।সেয়েহে অধিক ঠাণ্ডাৰ পৰা স্থানবোৰত হাতমোজা আৰু ভৰিত গৰম মোজা পিন্ধা উচিত।

*হাওঁফাওঁ আৰু হৃৎপিণ্ড:জাৰকালি বায়ু অত্যধিক শীতল আৰু শুকান হৈ পৰাত বহু লোক শ্বাস-প্ৰশ্বাসৰ ৰোগত ভোগা দেখা যায়।হাপানী বা এজমা ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।বহু লোকক অক্সিজেন দিব লগা হয় আৰু হাপানীৰ চিকিৎসা দিব লগা হয়।তেনেদৰে শীতকালি হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যাও অধিক হোৱা দেখা যায়।শীতৰ প্ৰভাৱত ৰক্ত চলাচল কৰা প্ৰক্ৰিয়াত ব্যাঘাত জন্মে বাবে এনেবোৰ ৰোগ বৃদ্ধি হয়।সেয়েহে শীতকালি শৰীৰ গৰম কৰি ৰাখিবলৈ পোছাক-পৰিচ্ছদ উপযুক্তভাৱে পৰিধান কৰিব লাগে।থকা স্থান গৰম কৰি ৰাখিবলৈ হিটাৰ বা হট ব্লোৱাৰ (Hot Air Blower)ব্যৱহাৰ কৰিলে ভাল।শীতকালি ভাইৰাছৰ আক্ৰমণো অধিক হোৱা দেখা যায়।ফলত ফ্লু,ইনফ্লুৱেঞ্জা আদি ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।

*পেটৰ ৰোগ:শীতকালি বহু লোক পেটৰ অসুখত ভোগা দেখা যায়।হজম শক্তি কমি যায়।ভোক নলগা হয়।অতিসাৰ বা হাগনি ৰোগত ভোগা দেখা যায়।বিশেষকৈ শিশুৰ ক্ষেত্ৰত ভাইৰাছজনিত ডায়েৰীয়া বা হাগনি ৰোগ হোৱা দেখা যায়।শীতকালি শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী পান কৰিব লাগে।শীতল পানীয় বা চাহ-কফি সৰহকৈ পান কৰিব নালাগে।কাৰণ কেফিন থকা পানীয়বোৰে শৰীৰৰ আৰ্দ্ৰতাৰ হানি কৰিব পাৰে (Dehydration)।তেনেদৰে সুৰা পান কৰিলেও শৰীৰত আৰ্দ্ৰতা কমি যায়।শীতকালি বয়সিয়াল লোকসকলে  কেনে পানীয় পান কৰে সেই বিষয়ে সচেতন হ’ব লাগে।

মানসিক ৰোগ:শীতকালি বিষজাতীয় ৰোগসমুহ অধিক হোৱা দেখা যায়।গাঁথিৰ বিষ,হাত-ভৰিৰ বিষ,কঁকালৰ বিষ,মুৰৰ বিষ আদি অধিক পৰিমাণে হোৱা দেখা যায়।গতিকে শীতকালি শাৰীৰিক সতেজ কৰি ৰাখিবলৈ খোজ কঢ়া,দৌৰা,খেল-ধুলা কৰা,যোগাভ্যাস,প্ৰাণায়াম কৰা আদি বিভিন্ন অভ্যাসৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিব লাগে।শীতকালি মানসিক ৰোগৰ প্ৰতিও সজাগ হৈ থাকিব লাগে।শীতকালি মানসিক বিষণ্ণতা বা Depression ৰোগ অধিক হোৱা দেখা যায়।গতিকে বন্ধু-বান্ধৱ,পৰিয়ালৰ পৰা আঁতৰি অকলশৰীয়াকৈ অধিক সময় পাৰ কৰিব নালাগে।খেলা-ধুলা,খোজ-কঢ়া,ক্লাব,চিনেমা-থিয়েটাৰ আদি উপভোগ কৰি মানুহৰ সংস্পৰ্শত থাকিবলৈ চেষ্টা কৰিব লাগে।পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে মিলি ৰ্ং-ধেমালি কৰি মনটো সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।বিষণ্ণতাই মনটো ছানি ধৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।এইক্ষেত্ৰত পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ ভুমিকা অতি গুৰুত্বপুৰ্ণ।

এনেদৰে সকলোৱে শীতকালিৰ উম উপভোগ কৰিবলৈ শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হ’ব লাগে।প্ৰচুৰ কুহুমীয়া পানী পান কৰি,খোজ কঢ়া,খেলা-ধুলা কৰি শৰীৰৰ সতেজ ৰাখি,বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকৰ সৈতে ৰং মনেৰে কটাই শীতকালি পাৰ কৰিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।এইখিনিতে এণ্টন চেখভৰ এষাৰি কথা মনত পৰিছে-

‘people don’t notice whether it’s summer or winter when they are happy’.

কাৰণ শীত অহাৰ পিছত জানো ৰং-আনন্দৰ বসন্ত কাল নহাকৈ থাকিব পাৰে।

লেখক:ডা: বিশ্বনাথ শৰ্মা 

Leave A Reply