Breaking

হৃদ ৰোগৰ বাবে কণী ক্ষতিকাৰক হয়নে নহয় জানক…

0 16

অষ্ট্ৰেলিয়াৰ এক গৱেষকৰ দলে “আমেৰিকান জাৰ্নেল অব ক্লিনিকেল নিউটড়িচিয়ান’ত প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰতি সপ্তাহত ১২ টা পৰ্যন্ত কণী খালে হৃদৰোগ সম্বন্ধীয় ৰোগ বৃদ্ধি নহয় । তদুপৰি ই ডায়েবেটিছ, কলেষ্টেৰল আদিৰ বাবেও ক্ষতিকাৰক নহয় । অষ্ট্ৰেলিয়াৰ গৱেষকৰ দলটোৱে ১৪০ জন ব্যক্তিক দুটাকৈ শ্ৰেণীত ভাগ কৰি উক্ত গৱেষণা কৰিছিল । তাৰে প্ৰি ডায়েবেটিছ আৰু টু ডায়েবেটিছৰ ব্যক্তিসকলক এটা ভাগেই এবছৰৰ বাবে সপ্তাহত ১২ টাকৈ কণীৰ ডায়েট আৰু আনটো ভাগত এসপ্তাহত ২ টা কণীৰ ডায়েটৰ লগতে স্বাস্থ্যসন্মত খাদ্য তালিকা প্ৰস্তুত কৰি সেইমতে এবছৰ চলিবলৈ দিছিল । এবছৰৰ পিছত পোৱা গৱেষণাৰ তথ্য অনুসৰি দুয়োটা শ্ৰেণীৰে হৃদৰোগজনিত কাৰকসমূহ যেনে কলেষ্টেৰল, হাইব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদিৰ ক্ষেত্ৰত কোনোধৰণৰ তাৰতম্য ঘটা নাই । তদুপৰি দুয়োটা শ্ৰেণীৰ ব্যক্তিসকলৰ একে পৰিমাণে এজন হ্ৰাস হৈছে । এই গৱেষণাই এনেকুৱা বিষয়সমূনহত হোৱা পূৰ্বে গৱেষণাসমূহক সহযোগিতা কৰি দেখুৱাইছে যে যিবোৰ লোকে কণী খায় তেওঁলোকৰ তেজত থকা কলেষ্টেৰলৰ মাত্ৰাত কিছু পৰিমাণে কণীয়ে প্ৰভাৱ পেলায় । কণী হৈছে প্ৰ’টিন আৰু মাইক্ৰ নিউট্ৰিনছৰ উৎস । কণী খোৱাৰ পৰা বিৰত থাকিব নালাগে । কণী স্বাস্থ্যসন্মত খাদ্য প্ৰণালীৰ এক অংশ

টেক্সট নেক এক আধুনিক ছিনড্ৰম –

ক্সট নেক (Text Neck) হৈছে একেৰাহে বহু সময় ধৰি বা বাৰে বাৰে তলফালে হাউলি স্মাৰ্ট ফ’ন, আইপেড, কম্পিউটাৰ আদিৰ ব্যৱহাৰৰ ফলত হোৱা ডিঙিৰ বিষ আৰু তাৰ লগত হ’ব পৰা ৰাজহাড় আৰু ডিঙিৰ মাংসপেশীৰ ক্ষতি । আমেৰিকান কাইৰ’প্ৰেক্টৰ ডা: দীন ফিছমেনে স্মাৰ্টফ’ন ব্যৱহাৰৰ ফলত হ’ব পৰা ডিঙিৰ বিষৰ বৰ্ণনা কৰিবলৈ টেক্সট নেকৰ উদ্ভাৱন কৰিছিল । যেতিয়া আমাৰ ডিঙি আগফালে হাউলি একেৰাহে বহু সময় ধৰি এটা স্থিতিত ৰখা যায়, তেতিয়া ডিঙিৰ মাংসপেশীত আৰু কান্ধত যথেষ্ট পৰিমাণৰ চাপৰ উৎপত্তি হয়, যাৰ ফলত তীব্ৰ আৰু দীৰ্ঘকালীন ডিঙিৰ বিষৰ সৃষ্টি হয় । ইয়াৰ পৰা দীৰ্ঘকালীন মূৰৰ বিষো হ’ব পাৰে ।

এইধৰণৰ বৰ্ধিত সমস্যাৰ মুখ্য কাৰণ হৈছে- মানুহৰ আধুনিক জীৱন শৈলী, স্মাৰ্টফ’ন, কম্পিউটাৰ, আইপেড আদিৰ দৈনন্দিন জীৱনত বহুল ব্যৱহাৰ ।

নতুনকৈ চলোৱা গৱেষণাত প্ৰকাশ পাইছে যে স্মাৰ্টফ’ন ব্যৱহাৰ কৰা সকলোৱে গড় হিচাপত দৈনিক চাৰি ঘণ্টা সময় একেথিৰে নিজৰ স্মাৰ্টফ’ন চাই কটায় (বছৰত প্ৰায় ১৪০০ ঘণ্টা) । সেয়েহে এইটো কোনোধৰণৰ আশ্চৰ্য নহয় যে টেক্সটনেকৰ দৰে ৰোগৰ ঘটনা দিনে দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ পৰা ধাৰণা হয় যে ম’বাইল প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত অপেক্ষিকভাৱে টেক্সট নেকৰ দৰে অনুৰুপ ঘটনা যথেষ্ট বৃদ্ধি পাবলৈ লৈছে ।

আমাৰ শৰীৰৰ মুদ্ৰা (Posture) আমি যিধৰণে স্মাৰ্টফ’ন ব্যৱহাৰ কৰাৰ সময়ত পালন কৰোঁ ইয়াৰ পৰা ডিঙিৰ হাঁড় আৰু মাংসপেশীত যথেষ্ট পৰিমাণৰ চাপ পৰে আৰু ইয়াৰ ফলত মাত্ৰাধিক ক্ষয় বা স্থায়ী ক্ষতি হ’ব পাৰে ।

প্ৰধান সমস্যাটো হ’ল সাধাৰণভাৱে ম’বাইলৰ স্ক্ৰীনলৈ চাওঁতে মূৰটো সন্মুখৰ ফালে হাউলি চোৱা যায় । এই অস্বাভাৱিক স্থিতিয়ে প্ৰকৃততে ছাৰভাইকেল স্পাইনৰ (ডিঙি) পিছফালৰ স্বাভাৱিক বক্ৰৰ (Curve) ওলোটা প্ৰভাৱ পেলায় । এই পৰিৱৰ্তন প্ৰকৃততে পৰিলক্ষিত হয় X/Ray বা MRI ৰ জৰিয়তে- য’ত আমি ছাৰভাইকেল স্পাইনৰ চিধা বা ওলোটা বক্ৰ দেখিবলৈ পাওঁ ।

মানুহৰ মূৰটোৰ গড় হিচাপত ওজন ৪.৫ ৰ পৰা ৫ কিল’গ্ৰাম । ছাৰভাইকেল স্পাইনৰ (ডিঙি) ৰুপাংকন (designed) এনেদৰে হৈছে যাতে এইখিনি মূৰৰ ওজন সুষমভাৱে তুলি ধৰি থাকিব পাৰে । তথাপি সামান্যৰুপে পিছফালৰ বক্ৰই (backward curve) ইয়াৰ প্ৰভাৱ ধৰি ৰাখিব পাৰে । সি যি নহওক, আমি আমাৰ মূৰটো সন্মুখৰ ফালে যিমান বেছি সময় হাওলাই ৰাখিম সিমান বেছি পৰিমাণৰ চাপ (Stress) আৰু টান ডিঙিত (Neck) বাঢ়িব । এইটো ১৫ ডিগ্ৰী কোণত ইয়াৰ ওজন ১২ কেজি, ৩০ ডিগ্ৰী কোণত ১৮ কেজি আৰু ৬০ ডিগ্ৰীত ইয়াৰ ওজন ২৭ কিল’গ্ৰামলৈ হয় । ফলত ইয়াৰ পৰা ছাৰভাইকেল স্পাইনৰ ওলোটা বক্ৰ আৰু কম বয়সতে হ’ব পৰা ডিঙিৰ স্পণ্ডিলাইটিচৰ সম্ভাৱবা বৃদ্ধি হয় ।

টেক্সট নেকৰ সাধাৰণ লক্ষণ –

*স্মাৰ্টফ’নৰ ব্যৱহাৰৰ সময়ত তাৎক্ষণিক ডিঙি আৰু পিঠিৰ বিষ ।

*কান্ধৰ জঠৰতা আৰু বিষ ।

*স্মাৰ্টফ’ন, কম্পিউটাৰ আদিৰ ব্যৱহাৰৰ সময়ত হোৱা মূৰৰ বিষ আৰু মূৰ ঘুৰণি ।

*হাতৰ সৰু গাঁঠি, কিলাকুটি, বাহু আদিৰ বিষ ।

টেক্সট নেকৰ পৰা নিজক বচাই ৰাখিবলৈ ল’বলগীয়া সাৱধানতা :-

*স্মাৰ্টফ’ন ব্যৱহাৰ কৰোঁতে মূৰটো তলফালে হাউলি যোৱাৰ পৰিৱৰ্তে ফ’ন চকুৰ সন্মুখত লৈ ব্যৱহাৰ কৰিব লাগিব ।

*কম্পিউটাৰ লেপটপ আদিৰ ব্যৱহাৰ কৰোঁতে শৰীৰৰ মুদ্ৰা (Posture) শুদ্ধ হ’ব লাগিব ।

*নিয়মিতভাৱে ডিঙিৰ ব্যায়াম কৰিব লাগিব ।

*একেৰাহে বহু সময় ধৰি স্মাৰ্টফ’ন ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব ।

ফিজিঅ’থেৰাপি চিকিৎসাৰ সুফল –

*কম বয়সতে হ’ব পৰা ছাৰভাইকেল স্পণ্ডিলাইটিছৰ সম্ভাৱনা হ্ৰাস কৰে ।

*ছাৰভাইকেল (ডিঙিৰ) অস্থিৰতা সম্ভাৱনা হ্ৰাস কৰে ।

*যান্ত্ৰিক ডিঙিৰ বিষৰ (মেকানিকেল নেক পেইন) সম্ভাৱনা হ্ৰাস কৰে ।

*ডিঙিৰ মুদ্ৰাৰ দীৰ্ঘম্যাদী সংশোধন কৰে ।

*ছাৰভাইকেল স্পাইনৰ পৰা হ’ব পৰা মূৰৰ বিষৰ (ছাৰভাইক’জেনিক হেডেক) বিপদাশংকা  হ্ৰাস কৰে ।

লেখক :- ডা: অপূৰ্ব ৰাজবংশী

Leave A Reply