Breaking

গৰমত ডাব নাৰিকলৰ পানী খোৱাৰ আগতে জানি লওক উপকাৰিতা …

0 129

নিয়মিত এই পানীয় সেৱন কৰিলে মুখৰ দাগ, ভ্ৰুণ আদি নোহোৱা হয় আৰু মুখৰ উজ্বলতা বৃদ্ধি পায়,দেহত ঘামুচি নহয়। গৰমত শৰীৰৰ ডিহাইড্ৰেছন দূৰ কৰাৰ উদ্দেশ্যে এই পানী পান কৰিলে তাৎক্ষণিক ফল পোৱা যায়। গৰ্ভৱতী মহিলা সকলেও এই পানী মাজে সময়ে পান কৰা উচিত।

ডাব নাৰিকলৰ পানীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই বেক্টেৰিয়েল আৰু ভাইৰেল জনিত ৰোগৰ পৰা আমাৰ দেহাটিক ৰক্ষা কৰে।কিয়নো ইয়াত অন্তৰ্নিহিত হৈ থাকে ৰাইবফ্লেভিন, নিয়াচিন, থায়ামিন তথা পেৰিডক্সিনৰ দৰে মূল্যবান উপাদান। ক্ৰীড়াৰ ক্ষেত্ৰত জড়িতসকলক শক্তিবৰ্ধক পানীয়ৰ প্ৰয়োজন। প্ৰখৰ গৰমত আপুনি আপোনাৰ শক্তিৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে নাৰিকলৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। আমাৰ দেহৰ ইউৰিনাৰী ছিষ্টেমৰ বাবে নাৰিকলৰ পানী উত্তম বুলি কোৱা হয়। মূত্ৰ সম্পৰ্কীয় বিভিন্ন গুণাগুণ ইয়াত আছে আৰু কিডনীৰ পাথৰো ই নিৰাময় কৰে।

যেতিয়াই শৰীৰত পৰ্যাপ্ত জুলীয়া পদাৰ্থৰ অভাৱ হয়, তেতিয়া ডিহাইড্ৰেচন হয়। পৰ্যাপ্ত পৰিমাণৰ নাৰিকলৰ পানী সেৱন কৰিলে এই অৱস্থাৰ পৰা ৰক্ষা পাব পাৰি। প্ৰতিদিনে এক গিলাচ ডাব নাৰিকলৰ পানী পান কৰিলে বুকু জ্বলা পুৰা কৰা বা এচিডিটি নোহোৱা হৈ আৰু হজম শক্তি বৃদ্ধি পায়।

ডাব নাৰিকলৰ পানীয়ে কোষ্ঠকাঠিন্যৰ সমস্যায়ো দূৰ কৰে। লগতে গেচট্ৰিক, আলচাৰ, পাইলচ, ডিচেনট্ৰি , সঘনাই বমি হৈ থকা আদি সমস্যাবোৰটো ই বৰ উপকাৰী।

Leave A Reply