Breaking

বাৰিষাত কলমৌ শাক খোৱাৰ আগতে জানি লওক উপকাৰিতা …

0 271

কলমৌ শাক এক প্ৰকাৰৰ অৰ্ধ-জলজ উষ্ণমণ্ডলীয় লতাজাতীয় শাক৷ কলমৌ শাক এবিধ আঁহজাতীয় খাদ্য৷ কলমৌ শাকৰ পুষ্টিগুণ অনন্য৷ ইয়াত প্ৰচুৰ পৰিমাণে খাদ্য উপাদান পোৱা যায়৷ এইবিধ শাক অতি সহজতে আমাৰ ওচৰ-পাঁজৰে থকা জলাশয়, বিল আদিত পোৱা যায়৷


(১) কলমৌ শাকত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে৷ সেয়ে হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে৷
(২) কলমৌ শাকত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়৷ ই এণ্টিঅক্সিডেণ্টৰ দৰে কাম কৰে, ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷


(৩) বসন্ত ৰোগৰ প্ৰতিষেধক হিচাপে কলমৌ শাক খাব লাগে৷
(৪) ইয়াত পৰ্যাপ্ত পৰিমাণে লৌহ পদাৰ্থ থাকে বাবে ৰক্তহীনতাত ভোগা লোকৰ কাৰণে উপকাৰী৷ শৰীৰৰ প্ৰয়োজনীয় তেজ সৰবৰাহত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷


(৫) মাতৃদুগ্ধ বৃদ্ধিত কলমৌ শাক অতি উপকাৰী৷
(৬) নিয়মিতভাৱে কলমৌ শাক খালে কোষ্ঠকাঠিন্য দূৰ হয়৷ আনহাতে বিপাক ক্ৰিয়াত ই সহায় কৰে৷
(৭) প্ৰস্ৰাৱৰ জ্বলা-পোৰা কৰাত কলমৌ শাক খালে সুফল পোৱা যায়৷


(৮) মৌমাখি, পিম্পৰা, বিছা আদি পোকে ডাকিলে কলমৌ শাকৰ ৰস উলিয়াই লগালে বিষ নিৰাময় হয়৷
(৯) কলমৌ শাকে দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে৷
(১০) মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা দূৰ কৰাত কলমৌ শাকে উপকাৰী ভূমিকা গ্ৰহণ কৰে৷

Leave A Reply