Breaking

শীতকালত কমলা টেঙা খোৱাৰ উপকাৰিতা জানক…

0 224

শীত কালৰ অন্য এক চিনাকি বজাৰ ভৰি পৰা কমলা বা সুমথিৰা। সুগন্ধ, সুস্বাদু, সুস্বাস্থ্যৰ আকৰ কমলা টেঙাই শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষণ কৰে। নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা অসমৰ বজাৰত ভৰি পৰে। কমলাত যথেষ্ট পৰিমাণে বিভিন্ন খাদ্যপ্ৰাণ থকাৰ উপৰি ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য ৰক্ষা কৰিব পৰা গুণ থাকে।

সেয়ে শীতকালৰ সময়ত প্ৰচুৰ পৰিমাণে কমলা খাই স্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষা কৰিব পাৰি। বৈজ্ঞানিক বিশ্লেষণ অনুসৰি প্ৰতি ১০০ গ্ৰাম কমলা ৰসত ০.৭ গ্ৰাম প্ৰ’টিন, ২৬ মিলিগ্ৰাম কেলচিয়াম , ১,১০৪ মাইক্ৰ’গ্ৰাম ভিটামিন এ আৰু ৩০ মিলিগ্ৰাম ভিটামিন চিৰ উপৰি থাকে যথেষ্ট পৰিমাণে কেলৰি, পেকটিন, গ্লাইকোছাইড, পেনটোছেনছ, চাইট্ৰিক এচিড, ফাইবাৰ , মিনাৰেল আদি। কমলা টেঙা মানুহৰ ছালৰ বাবে মহৌষধ। কমলাত থকা কেইবাটাও উপাদানে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰি ছাল মিহি আৰু উজ্জ্বল কৰি তোলে। কমলা যিকোনো ধৰণে খালে ছালৰ কামত আহে। তেজত কলেষ্টেৰল অতিৰিক্তভাৱে বৃদ্ধি পালে শৰীৰটো নানা ৰোগ আৰু ৰোগৰ উপসৰ্গৰ ভাণ্ডাৰ হৈ পৰে। শৰীৰৰ কলেষ্টেৰল হ্ৰাস কৰাৰ উপায় হ’ল কমলা খোৱা।

কমলাৰ ৰসে তেজত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰি শৰীৰটো বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। তেনেদৰে শৰীৰৰ বিভিন্ন ৰোগৰ কাৰক হ’ল কোষ্ঠকাঠিন্য। পেটৰ এচিডিটিকে ধৰি বিভিন্ন ৰোগ, অৰ্শ, মুখৰ ব্ৰণ আদিৰ কাৰক হ’ল কোষ্ঠকাঠিন্য । কমলা খালে কোষ্ঠকাঠিন্য দুৰ হয় আৰু সংশ্লিষ্ট ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি। পাকস্থলীৰ হজম ক্ষমতা বৃদ্ধিকে ধৰি পেটৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণ আৰু হজম ক্ষমতা বৃদ্ধিৰ বাবে কমলা টেঙাই মহৌষধৰ কাম কৰে। নিতৌ পুৱা কমলাৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়। সাধাৰণ পানী লগা অসুখত প্ৰতিদিনে দুটাকৈ কমলা তিনি দিনমান খালে উপশম পোৱা যায়।

শেহতীয়া গৱেষণাৰ তথ্য অনুসাৰে কমলাৰ ৰসে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক হৈ থকাত সহায় কৰে আৰু ষ্ট্ৰোক আদিকে ধৰি বিভিন্ন স্নায়ৱিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে। নিয়মিত কমলা খোৱাৰ অভ্যাস কৰিলে এনে ৰোগৰ আশংকা বহু পৰিমাণে কম হয়। ভাৰতীয় সমাজত আজিও এনিমিয়া বা ৰক্তাল্পতা এক ডাঙৰ সমস্যা হৈ আছে। কমলাৰ ৰস নিয়মিত খালে এনিমিয়াৰ পৰা হাত সাৰিব পাৰি। বিশেষকৈ গৰ্ভৱতী মহিলাক যথেষ্ট পৰিমাণে কমলা খাব দিব লাগে। কমলাৰ ৰসে মুখ-জিভাৰ ঘাৰ উপৰি শৰীৰৰ বিভিন্ন অংশত হোৱা ঘা নিৰাময় কৰিব পাৰে। বৰ্তমান প্ৰায় ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকে ৰক্তচাপজনিত বিকাৰত ভোগা দেখা যায়।

কমলাৰ ৰস নিয়মিত সেৱন কৰি ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিব পাৰি বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। হৃদৰোগতো কমলা যথেষ্ট উপকাৰী বুলি স্বাস্থ্য সম্পৰ্কীয় গৱেষণাত প্ৰমাণিত হৈছে। পেশী দুৰ্বলতা প্ৰতিৰোধৰ ক্ষেত্ৰতো কমলা অতি উপকাৰী। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আৱশ্যকীয় বিভিন্ন উপাদান কমলাত পোৱা যায়। অৰ্থাৎ শিশুৰ বাবে কমলা হ’ব পাৰে অন্যতম খাদ্য। শিশুক সেয়ে নিয়মিত কমলাৰ ৰস খুৱাব লাগে।

লেখক: উৎপল কুমাৰ কলিতা 

Leave A Reply