Breaking

গ্ৰীষ্মকালত ঘামৰ দুৰ্গন্ধ দূৰ কৰা এই টিপছ সমূহ জানি লওক…

0 21

ঘামৰ গোন্ধে কেতিয়াবা মানুহক লাজত পেলাই। বহুতে ইয়াৰ বাবে অসুবিধা পায় আৰু বিভিন্ন ধৰণৰ ডিঅ’ডৰেণ্ট আৰু দামী বস্তু প্ৰয়োগ কৰে যদিও তথাপিও তেওঁলোকে এই সমস্যাৰ পৰা কোনো সকাহ নাপায়। আমি যি বস্তু প্ৰয়োগ কৰো, সেইবোৰ কম সময়ৰ বাবেহে থাকে। গ্ৰীষ্মকালত ঘামৰ দুৰ্গন্ধ দূৰ কৰা এই টিপছ সমূহ জানি লওঁ আহক…

যদি আপুনি ঘামৰ দুৰ্গন্ধৰ পৰা মুক্তি পাব বিচাৰে তেন্তে নিম পানীৰে গা ধুব লাগে। বেয়া গোন্ধ দূৰ কৰে আৰু লগতে বেক্টেৰিয়াও নাইকিয়া কৰে।


ঘামৰ গোন্ধ আঁতৰাবলৈ ঘৰত ৰখা কিছুমান বস্তুও ব্যৱহাৰ কৰিব পাৰে। নেমুৰ ৰসৰ লগত বেকিং চোডা মিহলাই বাহুৰ তলত লগাব লাগে, ইয়াৰ ফলত বেয়া গোন্ধৰ পৰা মুক্তি পাব পাৰে। এইবোৰ বস্তু এবাৰ ব্যৱহাৰ কৰিলে আপুনি নিজেই ফলাফল দেখিব।


যদি আপোনাৰ ঘামৰ পৰা বেয়া গোন্ধ ওলাবলৈ আৰম্ভ কৰে, তেন্তে আপুনি বেচনৰ পেষ্ট লগাব পাৰে। বেচনৰ সৈতে দৈ মিহলাই লগালে এই সকলোবোৰ বস্তুৰ পৰা পৰিত্ৰাণ পাব পাৰি। প্ৰয়োগ কৰাৰ পিছত ঠাণ্ডা পানীৰে গা ধুব লাগে। দৈনিক গা ধুব লাগে। গা ধোৱা নকৰিলেও ঘামৰ প্ৰচণ্ড গোন্ধ ওলায়।


গা ধোৱাৰ সময়ত শ্বাৱাৰ জেল আৰু বডি শ্বেম্পু ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাবে আপোনাৰ শৰীৰত ঘামৰ গোন্ধ একেবাৰেই নাথাকে। পানীত গোলাপ পানী দিও গা ধুব পাৰে। বেয়া গোন্ধৰ পৰা মুক্তি পাব পাৰি। এনে কৰিলে শৰীৰৰ গোন্ধ ভাল হয় আৰু লগতে সতেজ অনুভৱ হয়।


ঘামৰ গোন্ধ আঁতৰাবলৈ পদিনা পাত পিহি গা ধোৱা পানীত দি তাৰ লগত গা ধুব লাগে। এই পানীৰে গা ধুলে শৰীৰৰ দুৰ্গন্ধ ক্ষন্তেকতে আঁতৰাব পাৰি।


Leave A Reply