Breaking

ৰাতি ভাত নে ৰুটি খোৱা উচিত কোনোটো স্বাস্থ্যৰ বাবে উপকাৰী জানক…

0 154

বহুতে ৰাতি ভাতৰ সলনি ৰুটি খায়৷ কিন্তু যিসকল লোক স্বাস্থ্যৰ প্ৰতি অতি সচেতন তেওঁলোকে ৰাতিৰ আহাৰৰ মেনুত চিকিৎসকৰ পৰামৰ্শ অনুসৰি সাল-সলনি ঘটায়৷ কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ৰাতি ভাত বা ৰুটি কোনোটোৱেই স্বাস্থ্যৰ বাবে উপকাৰী নহয়৷ যদি কোনোবাই ৰাতি ভাত বা ৰুটি খায়, সেয়া সামান্য পৰিমাণেহে খোৱা উচিত৷ উল্লেখ কৰা হ’ল কিয় চিকিৎসকে ৰাতি ভাত বা ৰুটি খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয় বুলি কয়– 

◾আটা বা ময়দাৰ পৰা প্ৰস্তুত কৰা সকলোধৰণৰ ৰুটিতেই কাৰ্ব হাইড্ৰেট থাকে৷ ২০ৰ পৰা ২৫ গ্ৰাম আটাৰে প্ৰস্তুত কৰা একোখন ৰুটিত থাকে প্ৰায় ৭০ কেল’ৰি৷ গতিকে হিচাপ কৰক আপুনি কিমানখন ৰুটি খালে কিমান কেল’ৰি বাঢ়িব দেহত৷ এটুকুৰা ৰুটিত ১৫ গ্ৰাম কাৰ্ব হাইড্ৰেট থাকে ৷

বিশেষজ্ঞসকলৰ মতে দৈনিক পুষ্টিৰ মাত্ৰ ৪৫ ৰ পৰা ৬৫ শতাংশ কাৰ্ব হাইড্ৰেটহে গ্ৰহণ কৰা উচিত৷ সেয়ে আটা বা ময়দাৰ ৰুটি বা ভাত অথবা দুয়োটা মিলাই খাব পাৰে৷ কিন্তু পৰিমাণ কম হ’ব লাগিব ৷

 

◾পুষ্টি বিশেষজ্ঞসকলৰ মতে একপ্লেট ভাতত  [প্ৰায় ৮০ গ্ৰাম] প্ৰায় ২৭২ কেল’ৰি থাকে৷ সন্ধিয়াৰ পাছত পৰাপক্ষত কাৰ্ব হাইড্ৰেটৰ পৰা এৰাই চলা উচিত বিশেষকৈ হাই ছুগাৰ, ডায়বেটিছ বা অবেচিটিৰ সমস্যা থাকিলে সন্ধিয়াৰ পাছত কাৰ্ব হাইড্ৰেট গ্ৰহণ নকৰিব৷ শোৱাৰ পূৰ্বে কাৰ্ব হাইড্ৰেট দেহত সোমালে গ্ৰোথ হৰমন আৰু টেস্টোস্টেৰণত নেতিবাচক প্ৰভাৱ পৰে৷ তদুপৰি ৰাতি ভাত খালে ডাইবেটিছ আৰু অবেচিটিৰ দৰে ক্ৰ’নিক ৰোগৰ আশংকা বাঢ়ে৷ ভাতত ফাইবাৰৰ পৰিমাণ কম থাকে বাবে হজমতো সমস্যাৰ সৃষ্টি হ’ব পাৰে৷

Leave A Reply