Breaking

আজিৰ মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছ, কোনটো দল জয়ৰ সম্ভাৱনা…

0 46

আজিৰ পঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব আই পি এল। খেলখন, কেতিয়া ক’ত হ’ব জানেনে? আই পি এল ২০২৩ৰ দ্বিতীয়খন খেলত কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হ’ব। মোহলীত অনুষ্ঠিত হ’বল এই খেলখন। আজি আইপিএল ২০২৩ত মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছ। এই খেলখন মোহলীৰ পঞ্জাৱ ক্ৰিকেট সন্থাৰ আই এছ বিন্দ্ৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এইবাৰ পঞ্জাৱ কিংছৰ অধিনায়কত্ব শিখৰ ধাৱনৰ হাতত থকাৰ সময়তে নীতিশ ৰাণাই কলকাতা নাইট ৰাইডাৰ্ছৰ কমাণ্ড চম্ভালিছে। শ্ৰেয়াছ আয়েৰৰ আঘাতৰ বাবে নীতিশক এই দায়িত্ব অৰ্পণ কৰা হৈছে।

এই দুয়োটা দলৰ মাজত এই পৰ্যন্ত মুঠ ৩০খন মেচ খেলা হৈছে, য’ত কলকাতাৰ হাতত আছে। কলকাতাৰ দলটোৱে ২০খন খেলত জয়লাভ কৰাৰ বিপৰীতে পঞ্জাৱৰ অংশত মাত্ৰ ১০খন জয়। কিন্তু বিগত চাৰিখন মেচত দুয়োটা দলে পৰস্পৰে পৰস্পৰে পৰাজয় কৰি আহিছে।আজি বিয়লি ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত। এই খেলখন ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কৰ বিভিন্ন চেনেলত লাইভ প্ৰচাৰ কৰা হ’ব। এই মেচখনৰ লাইভ ষ্ট্ৰীমিং ‘জিও চিনেমা’ এপত উপলব্ধ হ’ব।

কলকাতা নাইট ৰাইডাৰ্ছ : ৰহমানুল্লাহ গুৰবাজ (wk), জগদীশন, নীতিশ ৰানা (c), ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল, ৰিংকু সিং, শাৰদুল ঠাকুৰ, সুনীল নাৰিনে, টিম চাউথী, উমেশ যাদৱ, বৰুণ চক্ৰৱৰ্তী।

পঞ্জাৱ কিংছ : শিখৰ ধাৱন (অধিনায়ক), প্ৰভসীমৰণ সিং, ভানুকা ৰাজাপাকছা, লিয়াম লিভিংষ্টন, শ্বাহৰুখ খান, জিতেশ শৰ্মা, ঋষি ধৱন, ছেম কাৰাণ, কাগিছো ৰাবাদা, আৰ্ষদীপ সিং, ৰাহুল চহৰ।

Leave A Reply