Breaking

কৃষক নেতা অখিল গগৈ আৰু দেৱাঙ্গনা কলিতাৰ বিনা চৰ্তে মুক্তিৰ দাবীত নলবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

0 1,260

নলবাৰী : আজি নলবাৰী চহৰৰ এন টি ৰোডত কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। প্ৰায় শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে অখিল গগৈ আৰু দেৱাঙ্গনা কলিতা মুক্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য চৰকাৰক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী জনায়। প্ৰতিবাদকাৰী অসমৰ সু সন্তান অখিল গগৈ আৰু দেৱাঙ্গনা কলিতাক বিনা চৰ্তে মুক্তি দিয়ক, সকলে অসম চৰকাৰ হায় হায়, বিজেপি গো বেক আদি শ্ল’গান দি চহৰৰ পৰিবেশ উত্তাল। চৰকাৰ আৰু প্ৰশাসনক সংগঠনটোৱে সকিয়াই দিয়ে যে অসমৰ সু সন্তান অখিল গগৈ আৰু দেৱাঙ্গনা কলিতাক বিনা চৰ্তে যদি মুক্ত কৰি নিদিয়ে আৰু নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা নহয় তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতি নলবাৰী সমিতিয়ে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

Leave A Reply