Breaking

চিনামৰা মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম দিৱস পালন : গ্ৰন্থ উন্মোচনেৰে পণ্ডিতপ্ৰৱৰলৈ শ্ৰদ্ধা

0 1,609

দক্ষিণ যোৰহাটত মহাবিদ্যালয় প্ৰতিষ্ঠাৰে বহুমুখী চিন্তাধাৰাৰ শিক্ষাবিদ আনন্দ শইকীয়াই যিদৰে সমাজ জীৱনৰ সাৰ্থকতালৈ আনিব পৰা দিশেৰে এই উচ্চ শিক্ষানুষ্ঠান গঢ়াত ভূমিকা ল’লে সেয়া নিশ্চয়কৈ চাবলগীয়া। শইকীয়াৰ অৱসৰত পুত্ৰ ড০ অঞ্জন শইকীয়াৰ দৃষ্টিভঙ্গীয়ে উচ্চৰ পৰা শীৰ্ষলৈ নিব ধৰা মহাবিদ্যালয়খন শিক্ষাৰ পৰ্য্যটনলীলৈ ৰূপান্তৰ হৈছে।এই প্ৰসঙ্গ পণ্ডিতপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৪ তম্ জন্ম দিৱস উপলক্ষে মহাবিদ্যালয়ৰ কাব্যক্ষেত্ৰত আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথিয়ে প্ৰকাশ কৰে। মোহন চন্দ্ৰ মহন্ত অধ্যয়ন গৱেষণা কেন্দ্ৰৰ উদ্যোগত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চিনামৰা মহাবিদ্যালয় কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানত নেইষ্টৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড০ পৰাণ বৰুৱা, সমাজ-সংস্কৃতিত জড়িত ক’ভিড নিৰাময়ত ব্ৰতী বাঘচোং স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডা: অৰুণ শইকীয়া, মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মনোজ কুমাৰ শৰ্ম্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বক্তৃতা দিয়ে। অনুষ্ঠানৰ উল্লেখযোগ্য কাৰ্য্যসূচী আছিল ভিন্ন ক্ষেত্ৰৰ বিশিষ্টক সম্বৰ্দ্ধনা। মহাবিদ্যালয়খনৰ ৰাসত কংস আৰু ভাওনাত ঘটোৎকচৰ অভিনয়েৰে অভিলেখ গঢ়া সৃষ্টিপ্ৰাণ উপাধি বিভূষিত বিনোদ গগৈক সম্বৰ্দ্ধনা জনায়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও সন্মান বুলিবলৈ সক্ষম হোৱা চুটি ছবি ‘অনীহা’তো অভিনয়ত ভাগ লোৱা বিনোদ গগৈয়ে প্ৰযোজক পিতৃ আৰু পৰিচালক মাতৃ আখ্যা দিয়ে। চমু বক্তব্যত তেখেতে নাট্য জগতৰ শিল্পী সৃষ্টিকৰ্ত্তা মানবেন্দ্ৰ শৰ্ম্মা আৰু প্ৰযোজক নয়নজ্যোতি শৰ্ম্মাক শলাগ লয়। চিনামৰা মহাবিদ্যালয়ৰ সম্বৰ্দ্ধনা তথা তেনে অনুপ্ৰেৰণা শিল্পীৰ উশাহ বুলি কয়। সম্বৰ্দ্ধনা গ্ৰহণ কৰি জনপ্ৰিয় কণ্ঠশিল্পী প্ৰসেনজিৎ লাহনে এটি গীত গুণগুণায়। সাংবাদিক দিব্যজ্যোতি শইকীয়াই বিশেষ সন্মান গ্ৰহণেৰে স্বমত ব্যক্ত কৰে। অনীহা চুটি ছবি পৰিচালনাৰে শ্ৰেষ্ঠ পৰিচালকৰ সন্মানপ্ৰাপ্ত মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ মৃগাংক বৰা আৰু অন্যজন পৰিচালক ছাত্ৰ পূৰৱ শৰ্ম্মাৰ লগতে শিক্ষানুষ্ঠানৰ ছাত্ৰ চিত্ৰশিল্পী সুনীল পাইকলৈও বিশেষ সন্মান আগবঢ়ায়। সাহিত্য চৰ্চ্চা আৰু গ্ৰন্থ প্ৰণয়নত অভিলেখ গঢ়া চিনামৰা মহাবিদ্যালয়ৰ পণ্ডিতপ্ৰৱৰলৈ শ্ৰদ্ধা নিবেদিত অনুষ্ঠানত লৱ কুমাৰ দত্তৰ উপন্যাস ‘নেদেখা কান্দোনৰ সুৰ’ বন্তি প্ৰজ্বলক চফিকুৰ ৰহমানে, প্ৰজ্ঞা পাৰমিতা কৌশিকৰ ‘দ্যা ব্ৰুডিং’ আদৰণী ভাষণ প্ৰদাতা অধ্যক্ষ ড০ অঞ্জন শইকীয়াই, অধ্যাপকদ্বয় সীমান্ত বৰা আৰু তৰুণ শইকীয়া সম্পাদিত ‘প্ৰজ্ঞানজ্যোতি’ ডা: অৰুণ শইকীয়াই আৰু অধ্যাপক তৰুণ শইকীয়া আৰু অধ্যাপিকা ৰুণু বৰা সম্পাদিত ‘শিক্ষাজ্যোতি’ সঞ্চালক অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনন্দ শইকীয়াই উন্মোচন কৰে। ক’ভিড পৰিস্থিতিৰ বাবে ২০ জুলাইৰ পৰিৱৰ্তে ০৭ আগষ্টলৈ পিছুৱাব লগা,অধ্যাপক-অধ্যাপিকাসকল বিভিন্ন দায়িত্ব পালনত ব্ৰতী হোৱা অনুষ্ঠানত যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ৰঞ্জিত হাজৰিকা আৰু সাংস্কৃতিক কৰ্ম্মী ঋষিকেশ ভট্টাচাৰ্য্যকো আদৰণি জনায়। নিৰ্দ্দিষ্ট সময়ত আৰম্ভ হোৱা অনুষ্ঠান নিৰ্দ্দিষ্ট সময়তে সমাপ্ত হোৱাতো এই কালৰ ইতিবাচক দিশ।

Leave A Reply