Breaking

নাজিৰাত ‘নাৰী উন্নতি’ৰ উদ্যোগত কে’ক বেকিং কৰ্মশালা…

0 25

নাজিৰাৰ অন্যতম মহিলা স্বেচ্ছাসেৱী সংগঠন নাৰী উন্নতিৰ উদ্যোগত আৰু বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটৰ সহযোগত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সস্থিত বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটত মহিলা সকলৰ বাবে ১১ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়াকৈ আয়োজিত কে’ক বেকিংৰ এক কৰ্মশালাৰ কালি সফল সমাপন হয়। মহিলা সবলীকৰণ আৰু স্বনিৰ্ভৰশীলতাৰ উদ্দেশ্যে আয়োজিত এই কৰ্মশালাৰ দেওবাৰৰ উদ্বোধনী অনুষ্ঠানত ‘নাৰী উন্নতি’ স্বেচ্ছাসেৱী সংগঠনৰ সভানেত্ৰী আমিনা বেগম,সম্পাদিকা মাতু গগৈ, কোষাধ্যক্ষা শ্বাহনাজ বেগম, বেচমেন্ট কম্পিউটাৰ ইনষ্টিটিউটৰ সঞ্চালিকা চাবা চাহেবা নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জনা বৰগোহাঞি, ব’ঠা স্বেচ্ছাসেৱী সংগঠনৰ সভাপতি ফটিক বৰুৱা, বিহু সুৰক্ষা সমিতি নাজিৰাৰ সভানেত্ৰী নিৰূপমা দত্ত, নাজিৰাৰ কেতেকী আচাৰ উদ্যোগৰ স্বত্বাধিকাৰী নাচৰিণ বেগম, সমাজকৰ্মী অভিনৱ দত্ত প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ‘নাৰী উন্নতি’ৰ এই পদক্ষেপক প্ৰশংসা কৰে।

নাৰী উন্নতি স্বেচ্ছাসেৱী সংগঠনৰ সদস্যা ফৰিদা আলি, জয়া দত্ত , আৰু জেনিফাৰ আহমেদ প্ৰশিক্ষক হিচাপে দায়িত্ব সম্পাদন কৰা উক্ত প্ৰশিক্ষণত ‘নাৰী উন্নতি’ৰ সকলো সদস্যাৰ লগতে নাজিৰাৰ কুৰিৰোধিক মহিলাই অংশগ্ৰহণ কৰি উৎসাহিত হয়। প্ৰশিক্ষণৰ অন্তত প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক ‘নাৰী উন্নতি’ৰ তৰফৰ পৰা একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

Leave A Reply