Breaking

কুমাৰীকাটাৰ ২৬ নম্বৰ দৰংগাজুলি ব্লক বিপিএফৰ কৰ্মী সভা…

0 65

তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২৬ নম্বৰ দৰংগাজুলি ব্লক বিপিএফৰ এখন কৰ্মী সভা আজি কুমাৰীকাটাৰ সমীপৰ জামুগুৰি প্ৰাথমিক বিপিএফৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় ৷

দৰংগাজুলি ব্লক বিপিএফৰ সভাপতি ফকৰুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত কৰ্মী সভাত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি যুৱ বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শৰৎ চন্দ্ৰ দাসে কয় , বিটিচিত এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বত
ইউপিপিএল বিজেপি দলৰ অপশাসন চলি আছে ৷ কিয়নো পৰিবৰ্তন আনিম বুলি মিছা প্ৰতিশ্ৰুতি দিয়া
প্ৰমোদ বড়োৰ সকলো প্ৰতিশ্ৰুতি সম্প্ৰতি মিছা প্ৰতিপন্ন হৈছে ৷বিটিচিত প্ৰমোদ বড়োৰ আয়ুস আৰু বেছি দিন নাই বুলি যুৱ বিপিএফ কেন্দ্ৰীয় সম্পাদক শৰৎ চন্দ্ৰ দাসে পুনৰ কয়, বিটিচিত বিজেপি ইউপিপিএলৰ চৰকাৰ চলি থাকিলেও সেই চৰকাৰ যি কোনো মূহুৰ্ত্ততে ভাঙি যাৱ পাৰে ৷ বিটিচিত পৰিবৰ্তন আনিম বুলি সম্পূৰ্ণ অবৈধ ভাৱে চৰকাৰ গঠন কৰা প্ৰমোদ বড়োই আজিলৈ একোৱেই কৰিব পৰা নাই ৷


বিপিএফএৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে পুনৰ কয়, বিপিএফে সদায় মূল্যবোধৰ ৰাজনীতি কৰি আহিছে ৷ আমি সময়ৰ আহ্বান মানি লৈ বিটিচি বাসীৰ মাজত সোমাই পৰিছো আমাৰ কৰ্মী সকলক পুনৰ সংঘবদ্ধ ভাৱে মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনাইছো ৷ বিটিচিত শান্তি প্ৰতিষ্ঠা হোৱা বুলি দম্ভালি মাৰি ফুৰা প্ৰমোদ বড়োই নিশা ৰঙিয়াতহে টোপনি মাৰে বুলি কটাক্ষ কৰি বিপিএফৰ কেন্দ্ৰীয় সম্পাদক গৰাকীয়ে কয় বিটিচিত পৰিবৰ্তনৰ নামত কেৱল বিপিএফৰ দূৰ্নীতি দেখা পোৱা আৰু সততে হাগ্ৰামাক জেললৈ প্ৰেৰণ কৰিব খোজা প্ৰমোদ বড়ো নিজেই জেললৈ যাৱ সাজু হৈ থাকক ৷ কিয়নো শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিটিচিৰ উন্নয়নৰ বাবে অহা ২৭১ কোটি টকা কাম কৰিব নোৱাৰি ঘুৰাই পঠোৱা প্ৰমোদ বড়োৰ নেতৃত্বতে সম্প্ৰতি বিটিচিত কোটি টকীয়া আঠুৱা কেলেংকাৰী সংঘটিত হৈছে ৷

আজিৰ সভাতেই শুক্লেশ্বৰ ৰাভাক সভাপতি, অৱনি দাসক সাধাৰণ সম্পাদক হিচাপে লৈ ১ নম্বৰ দক্ষিণ কুমাৰীকাটা প্ৰাথমিক বিপিএফৰ সমিতি, ৰমজান আলিক সভাপতি আৰু লেবেন্দ্ৰ দৈমাৰীক সাধাৰণ সম্পাদক হিচাপে ১ নম্বৰ দক্ষিণ কুমাৰীকাটা প্ৰাথমিক
যুৱ বিপিএফৰ সমিতিৰ লগতে ৰাধিকা দৈমাৰীৰ সভানেত্ৰী আৰু বিভা দাসক সাধাৰণ সম্পাদিকা হিচাপে লৈ ১ নম্বৰ দক্ষিণ কুমাৰীকাটা প্ৰাথমিক মহিলা বিপিএফ সমিতি খন গঠন কৰা হয় ৷

Leave A Reply