Breaking

কুমুদ দত্তৰ মৃত্যুঃ চিলাপথাৰত শোকৰ ছাঁ দল সংগঠন-ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰে শেষকৃত্য সম্পন্ন… 

0 41

কালি সন্ধিয়া প্ৰায় ৫ বজাত চিলাপথাৰ নগৰৰ বাসিন্দা তথা চিলাপথাৰ ৰেচিডেণ্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক কুমুদ দত্তৰ (৬৭) পশ্চিম বংগৰ শিলিগুৰিত পৰলোকপ্ৰাপ্তি হয়। যোৱা কিছুদিন ধৰি ব্যক্তিজন শাৰিৰীকভাৱে অসুস্থ হৈ আছিল। কৰ্মসূত্ৰে শিলিগুৰিত থকা কুমুদ দত্তৰ জ্যেষ্ঠ পুত্ৰই চিকিৎসাৰ বাবে মাতি পঠিয়াওৱাত পৰহি নিশা চিলাপথাৰৰ পৰা ৰে’লেৰে চিলিগুৰিলৈ বুলি যাত্ৰা কৰিছিল আৰু কালি আবেলি শিলিগুৰিত পুত্ৰৰ ওচৰত উপস্থিত হৈছিল। ভাগৰে-জোগৰে গৈ আবেলি পুত্ৰৰ আৱাসত উপস্থিত হৈয়েই বিচনাত জিৰণি লৈ থকা অৱস্থাতে কালি সন্ধিয়া ৫ মান বজাত শেষ নিশ্বাস ত্যাগ কৰে। লখিমপুৰৰ পানীগাঁৱত জন্ম গ্ৰহণ কৰা প্ৰয়াত কুমুদ দত্তই ১৯৮৮ চনত চিলাপথাৰ ৰেচিডেণ্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসমীয়া বিভাগৰ বিষয় শিক্ষক ৰূপে যোগদান কৰিছিল আৰু উক্ত বিদ্যালয়ৰ পৰা ২০১৬ চনত অৱসৰ গ্ৰহণ কৰে।

চিলাপথাৰ জোনাকী নগৰত স্থায়ীভাৱে বসবাস কৰা কুমুদ দত্তই শিক্ষকতাৰ উপৰিও অঞ্চলটোৰ বিভিন্ন সাহিত্য, সংস্কৃতি, সামাজিক অনুষ্ঠান-প্রতিষ্ঠানত জড়িত আছিল। বিশেষকৈ চিলাপথাৰ অঞ্চলত সাহিত্যৰ দিশত প্ৰথম অনুষ্ঠান ৰেঙনি সাহিত্য চ’ৰা গঠন কৰি অঞ্চলটোত সাহিত্য চৰ্চাৰ বাট মুকলি কৰিছিল, চিলাপথাৰৰ পৰা প্ৰকাশিত তিনিমহীয়া আলোচনী ‘সমলয়’ প্ৰায় তিনিবছৰ কাল প্ৰকাশ প্ৰয়াত দত্তই কৰিছিল। স্বেচ্ছাসেৱী অনুষ্ঠান’ সাৰথি’ৰ উপদেষ্টা, অসম কবি সমাজৰ চিলাপথাৰ শাখাৰ সভাপতি, ধেমাজি জিলা অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সন্থাৰ সভাপতি, চিচি-চিলাপথাৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি, চিলাপথাৰ নাগৰিক সভাৰ সম্পাদক, সাহিত্য সভা, চিলাপথাৰ নগৰ বৰ নামঘৰ, চিলাপথাৰ প্ৰেছ ক্লাৱ, ৰেঙণি পুথিভঁৰাল আদি বিভিন্ন সাহিত্য, সংস্কৃতি আৰু সামাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ গুৰু দায়িত্বত থকা দত্তৰ আকস্মিক মৃত্যুত বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম গগৈ, সম্পাদক পাপলু গগৈ, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ, সাৰথি স্বেচ্ছাসেৱী সংস্থাৰ সচিব মনোজ কুমাৰ দাস, চিলাপথাৰ জিলা টিএমপিকেৰ সাধাৰণ সম্পাদক মানস কুলি, ধেমাজি জিলা বাঙালী ফেডাৰেশ্যন সভাপতি ধৰ্মেন্দ্ৰ দাস সম্পাদক ভদ্ৰ দাস, এজেৱাইচিপিৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মা,

চিলাপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক লবিৰাম বৰি, সোনোৱালী কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সম্পাদক চন্দন কছাৰী, অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুৱন দাস, গবেষক ড০ উত্তম দাস, বঙ্গ সাহিত্য সভাৰ চিলাপথাৰ শাখাৰ সভাপতি ৰোহিত চন্দ্ৰ ৰয়, চিলাপথাৰ সাংবাদিক মহল, চিমেনচাপৰি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ দেৱজিৎ দাশগুপ্ত, চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সভাপতি তিম চুতীয়া, বিশিষ্ট ব্যৱসায়ী তিলক ফুকন, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ভাস্কৰ দুৱৰা,গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলাৰ সভাপতি সোমৰাজ পুৰী, আটাছু মুখ্য উপদেষ্টা দুলাল বৰুৱা, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ শান্তিৰাম দাস,  বিশিষ্ট ব্যক্তি নন্দেশ্বৰ কছাৰী কেধৰি দল-সংগঠন  ব্যক্তিয়ে গভীৰভাৱে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত প্ৰয়াত দত্তই দুই পুত্ৰ, এগৰাকী বোৱাৰী আৰু এটি নাতি সহ আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে। 

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Leave A Reply