Breaking

ছাগলীয়ে গছপুলি খোৱাক কেন্দ্ৰ কৰি মামা ভাগিনৰ মাজত কুৰুক্ষেত্ৰ

0 1,636

ভাগিন মোৱায়েকৰ এই তয়াময়া ৰণত পুৰুষ মহিলাসহ চাৰিজনকৈ লোক আহত।এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে নগৰবেৰাৰ নাইটৰ কল্যাণপুৰত। মোমায়েক আৰু ভাগিনৰ এই কুৰুক্ষেত্ৰ লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।শুনাত আচৰিত যেন লাগিলেও এয়াই সত্য ছাগলীয়ে এটি তামোল গছৰ পুলিৰ পাত খোৱাক কেন্দ্ৰ কৰি মোৱায়েক আৰু ভাগিনৰ মাজত প্ৰথমে বাকবিতণ্ডা আৰু তাৰ পিছত আৰম্ভ হয় প্ৰচণ্ড মাৰপিটৰ৷এই মাৰপিটত চাৰিজনকৈ লোক গুৰুতৰভাৱে আহত হয়।

মোৱায়েক স্বাহাদুল ইছলামে ফৈয়দে বাকবিতণ্ডাৰ মাজত আক্ৰমন কৰে ভাগিন ছামাদ আলী, ৰহিম আলী, আৰু ভনী অৰফুল বেওৱাকআহত লোক কেইজনক পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্ত্তি কৰে ৷পুৰুষ মহিলাসহ আহত আটাইকেইজন বৰ্তমান চিকিৎসাধীন অৱস্থাত৷

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

Leave A Reply