Breaking

দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ তথা বিভিন্ন স্থানত মহান লাচিত বৰফুকনৰ হৰ্ডিং, বেনাৰ

0 316

দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু মহানগৰখনৰ বিভিন্ন স্থানত অসমৰ বীৰ লাচিত বৰফুকনৰ বিভিন্ন হৰ্ডিং, বেনাৰ। মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন উপলক্ষে অসম চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে আৰু ইয়াৰ মাজতে নতুন দিল্লীৰ বিভিন্ন স্থানত তেওঁৰ প্ৰতিচ্ছবি অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয়। আগন্তুক ২৪ নৱেম্বৰ তাৰিখে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী।

বিশ্ব দৰবাৰত বীৰ লাচিত বৰফুকনক উপস্থাপন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে বহু প্ৰচেষ্টা হাতত লৈছে। অসমৰ বীৰ সন্তানগৰাকীৰ বীৰত্বৰ বিষয়ে সমগ্ৰ দেশবাসীৰ আগত উপস্থাপনৰ বাবে অসম চৰকাৰে অহা ২৩ আৰু ২৪ নৱেম্বৰত নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত বীৰ লাচিতৰ ৪০০তম জন্মজয়ন্তী উদযাপন কৰিব। এই উপলক্ষে অসম চৰকাৰে প্ৰস্তুতিৰ সম্পৰ্কে শুকুৰবাৰে নতুন দিল্লীস্থিত অসম হাউচৰ সভাকক্ষত এখন বিশেষ বৈঠক আয়োজন কৰে। উক্ত বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অশোক সিংঘল, বিধায়ক সুশান্ত বৰগোহাঁই, বিধায়ক দিগন্ত কলিতা, বিধায়ক মানৱ ডেকা, বিধায়ক ৰেকিবুদ্দিন আহমেদ তথা অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

অসম চৰকাৰে বীৰ লাচিত বৰফুকনৰ পৰাক্ৰমৰ কাহিনী সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। তাৰ ফলস্বৰূপেই ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোভিন্দে যোৰহাটৰ হোলোংপাৰত লাচিত বৰফুকনৰ মৈদাম থকা অঞ্চলত বীৰ লাচিতৰ ১৫০ ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি আৰু যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পাছতেই লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী আৰম্ভ হৈছিল। লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ বছৰজোৰা বহু কাৰ্যসূচীৰ অংশ হিচাপে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কামৰূপ জিলাৰ আলাবৈত বীৰ লাচিত বৰফুকন আৰু তেওঁৰ স্বহীদ সৈনিকসকলৰ স্মৃতিত যুদ্ধ সংগ্ৰহালয় নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰিছিল। ইয়াৰোপৰি বছৰজোৰা জন্মজয়ন্তীৰ অন্যতম কাৰ্যসূচী হিচাপে ৰাজ্য চৰকাৰে বিভিন্ন জিলাত লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে প্ৰত্যেকখন জিলাতে উপায়ুক্তসকলৰ নেতৃত্বত ‘লাচিত দিৱস’ৰ সৈতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ ব্যৱস্থা কৰিছে। আনহাতে অসম চৰকাৰে lachitbarphukan নামৰ এটা ‘মোবাইল এপ’ আৰু ‘প’ৰ্টেল’ মুকলি কৰিছে।

উল্লেখযোগ্য যে, বীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি থকা হৈছে আৰু বিশিষ্ট লেখকসকলৰ লেখা সম্বলিত লাচিত বৰফুকনৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে। লাচিত দিৱসৰ কাৰ্যসূচীৰ সামৰণিৰ মূল অনুষ্ঠান আগন্তুক ২৩ আৰু ২৪ নৱেম্বৰ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব । এই অনুষ্ঠানলৈ অসম চৰকাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক নিমন্ত্ৰণ জনাইছে বুলি জানিব পৰা গৈছে।

Leave A Reply