ক্ৰীড়া হৈছে জাতিৰ গৌৰৱ দেশৰ ভৱিষ্যত। ক্ৰীড়াৰ দ্বাৰা এজন খেলুৱৈৰ দৈহিক গঠনৰ লগতে মানসিক উতকৰ্ষও সাধন কৰে। এই কথা সাৰোগত কৰি ভাৰত তথা বিশ্বৰ ক্ৰীড়া জগতত অসমৰ ভলীবল খেলৰ প্ৰতিভাই উচ্চ আসন অলংকৃত কৰাৰ মানসেৰে অসম ভলীবল সংস্থাৰ তত্বাৱধানত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, বীৰ লাচিত সেনা অসম, ডুমডুমা আঞ্চলিক সমিতি আৰু ডুমডুমা বাসী ৰাইজৰ সহযোগত আমন্ত্ৰণমূলক দিবা-নৈশ ৰাজ্যিক পৰ্যায়ৰ লাচিত কাপ ২০২১ ভলীবল প্ৰতিযোগিতাখনি অহা ইং ২০ আৰু ২১ ফেব্ৰুৱাৰী তাৰিখে ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে এই আমন্ত্ৰণমূলক ৰাজ্যিক পৰ্যায়ৰ প্ৰিতযোগিতাখনিলৈ অসমৰ বিভিন্ন ঠাইৰ ভলীবল দলক আমন্ত্ৰণ কৰা হৈছে বুলি জানিবলৈ দিছে বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পুলকেশ বৰুৱাই। দুদিনীয়াকৈ অনুষ্ঠিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা লাচিত কাপ ২০২১ ৰ প্ৰথম দিনাৰ প্ৰিতযোগিতাৰ শুভাৰম্ভ কৰিব ডুমডুমাৰ চেন্ট জেভিয়াৰ্চ হাইস্কুলৰ অধ্যক্ষ গিলবাৰ্ট দেৱ বাৰ্মাই। অন্যহাতে চুড়ান্ত খেলখনি বীৰ লাচিত সেনা অসম, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই শুভাৰম্ভ কৰিব বুলি জানিব িদছে বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ মুখ্য সচিব ভৃগু বুঢ়াগোঁহায়ে। অহা ইং ২০ আৰু ২১ ফেব্ৰুৱাৰী তাৰিখে ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হব লগা লাচিত কাপ ২০২১ ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাখনিত সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিৰে সহযোগিতাৰ কামনা কৰিছে উদ্যোক্তাই।
Breaking
- আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ
- মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট শ্ৰমিক নেতা চিন্তাৰাম চাহুক অভিন্দন
- ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা
- বেঙেনাবাৰী অঞ্চলৰ শিঙিবিল গাওঁত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ
- “শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ”: বিধায়ক বিমল বড়া
- তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ
- দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন
- গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি
- পানবজাৰ মহিলা আৰক্ষী থানাত কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ
- বিধান সভা নিৰ্বাচন সন্দৰ্ভত শীৰ্ষ বিষয়াৰে নাজিৰা মহকুমা প্ৰশাসনৰ আলোচনা