Breaking

এশ শতাংশ নিযুক্তিৰ দাবীত সৰৱ বীৰ লাচিত সেনা : মহকুমা প্ৰশাসনক স্মাৰকপত্ৰ

0 77

নাজিৰা

 ক’ৰোনা ভাইৰাছৰ আতংকময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ বাহিৰত অথবা বিভিন্ন উদ্যোগ আদিত নিযুক্ত হৈ থকা হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতী ইতিমধ্যে স্বগৃহলৈ প্ৰত্যাৰ্গমন কৰিছে। এই সকল নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ দাবীত সৰৱ হৈ পৰিছে বীৰ লাচিত সেনাৰ নাজিৰা মহকুমা সমিতি। সংগঠনটোৰ মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া আৰু সম্পাদক অনুপম সন্দিকৈৰ নেতৃত্বত এটা প্ৰতিনিধি দলে নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সম্প্ৰীতি গোস্বামীক সাক্ষাৎ কৰি অসমৰ এই নিবনুৱা যুৱক-যুৱতীসকলকলৈ এশ শতাংশ নিযুক্তিৰ দাবী জনাই অসম চৰকাৰলৈ এখনি স্মাৰকপত্ৰ প্ৰদান কৰে৷ সংগঠনটোয়ে স্থানীয় উদ্যোগ, অন্যান্য চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান আদিত এশ শতাংশ নিবনুৱাক নিযুক্তিৰ দাবী জনোৱাৰ লগতে ব্যৱসায়-বাণিজ্য, ব্যৱসায়ৰ বাবে বেংকৰ ঋণ দিয়াত অগ্ৰাধিকাৰ দিয়াৰ উপৰি নাজিৰাত খালী থকা দোকানসমূহ আৰু ভাৰাতীয়া বিপনীসমূহ নিবনুৱাসকলক আৱণ্টন দিবৰ বাবে বীৰ লাচিত সেনাই মহকুমা প্ৰশাসনক স্মাৰকপত্ৰৰ জৰিয়তে আহ্বান জনায়। এই ক্ষেত্ৰত থলুৱাসকলে যাতে প্ৰথমাধিকাৰ পায় তাৰ বাবে মহকুমাধিপতিগৰাকীৰ সহানুভূতিৰ বাবে অনুৰোধ জনায় সংগঠনটোয়ে। ভাৰপ্ৰাপ্ত মহকুমাধিপতিগৰাকীয়ে বীৰ লাচিত সেনাৰ প্ৰতিনিধি দলটোক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

Leave A Reply