Breaking

জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়া কাৰ্যালয়ত লাইনমেন আৰু সহায়কৰ অভাৱ

0 237

জামুগুৰিহাট

জৰুৰী সেৱাসমূহৰ ভিতৰত বিদ্যুৎ সেৱাও অন্যতম৷ কিন্তু সেই সেৱাৰ লগত জড়িত লোকৰ সংখ্যা যেতিয়া বিভাগটোত তাকৰ হয়, তেতিয়াই দেখা দিয়ে যথেষ্ট সমস্যাৰ৷ তেনে এটি কাৰ্যালয়েই হৈছে জামুগুৰিহাটৰ জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ কাৰ্য্যালয়৷ এফালে জীয়াভৰলীৰপৰা নাগশংকৰ আনফালে পানপুৰ ঘাটৰপৰা অৰুণাচল চিজুছালৈকে প্ৰায় ১৮শ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত উপ সংমণ্ডলটোৰ কৰ্মচাৰীৰ অভাৱে গ্ৰাহক জনসাধাৰণক বাৰুকৈয়ে অসুবিধাত পেলোৱা পৰিলক্ষিত হৈছে৷ বিদ্যুৎ উপ সংমণ্ডলটোৰ অধীনত বিদ্যুৎ যোগান ধৰিবৰ বাবে প্ৰায় ৩শ টাৰো অধিক ট্ৰেন্সফৰ্মাৰ থকা কাৰ্যালয়টোত বৰ্তমান বিষয়া কৰ্মচাৰী আছে মাত্ৰ ২৬ গৰাকী৷ বিশেষকৈ প্ৰাকৃতিক দূৰ্য্যোগ যেনে: বতাহ, ধুমুহা, বৰষুণ আদি হ’লেই লাইন মেন আৰু সহায়কৰ অভাৱে বাৰুকৈয়ে বিপদত পেলাইছে বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়টিক৷ প্ৰাপ্ত তথ্য অনুসৰি জামুগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ অধীনত ১১ কেভি লাইনৰ ৫টাকৈ অভিযোগ কেন্দ্ৰ অৰ্থাৎ ফিডাৰ আছে৷ এইসমূহৰ ভিতৰত ৮৬ কিঃমিঃ জুৰি বিস্তৃত এশৰো অধিক ট্ৰেন্সফৰ্মাৰ থকা জামুগুৰি ফিডাৰটোত ১গৰাকী লাইনমেন আৰু ১ গৰাকী সহায়ক, ১১২ কিঃমিঃ জুৰি অতি ভিতৰুৱা অঞ্চললৈকে বিস্তৃত ৭৬ টাকৈ ট্ৰেন্সফৰ্মাৰ থকা ধলাইবিল ফিডাৰটোত ১ গৰাকী লাইনমেন আৰু ২ গৰাকী সহায়ক, ১২৮ কিঃমিঃ জুৰি বিস্তৃত ৮২ টাকৈ ট্ৰেন্সফৰ্মাৰ থকা ইটাখোলা ফিডাৰটোত লাইনমেন শূন্য হোৱাৰ বিপৰীতে সহায়ক ১ গৰাকী, ৭৮ কিঃমিঃ বিস্তৃত ৫৬ টা ট্ৰেন্সফৰ্মাৰ থকা পানপুৰ ফিডাৰটোত আৰু ৪৮ কিঃমিঃ জুৰি বিস্তৃত চতিয়া ফিডাৰটোত বিভাগীয় কৰ্মচাৰীৰ অভাৱৰ বাবেই অন্য অভিজ্ঞ লোকক অস্থায়ীভাৱে লৈ কাম চলাবলগীয়া হৈছে৷ জানিব পৰা মতে ৩০টা ট্ৰেন্সফৰ্মাৰৰ বিপৰীতে এগৰাকী লাইনমেন আৰু ২ গৰাকী সহায়কৰ প্ৰয়োজন যদিও জামুগুৰি বিদ্যুৎ উপ সংমণ্ডলটোৰ অধীনত থকা তিনি শতাধিকৰো অধিক ট্ৰেন্সফৰ্মাৰৰ বিপৰীতে বৰ্তমান বিভাগীয় লাইনমেন আছে মাত্ৰ ২ জন আৰু সহায়ক আছে মাত্ৰ ৭ জন৷ যাৰ বাবে কেবাগৰাকীও অস্থায়ী কৰ্মচাৰী লগত লৈ কাম কৰিবলগীয়া হয় কাৰ্যালয়টিৰ উপ সংমণ্ডল বিষয়াগৰাকীয়ে৷ কেৱল ফিডাৰসমূহত কাম কৰা লোকৰ সংখ্যাই যে তাকৰ তেনে নহয় কাৰ্যালয়টিত কাম পৰিচালনা কৰা লোকৰ সংখ্যাও নগন্য৷ নিয়ম অনুসৰি কাৰ্যালয়টিৰ কামকাজ পৰিচালনা কৰিবৰ বাবে ৪ গৰাকী সহায়ক আৰু ৪ গৰাকী ছশইটছ ব’ৰ্ড অপাৰেটৰ লাগে যদিও আছে মাত্ৰ ৬ জন৷ যাৰ বাবে কৰ্মচাৰীৰ অভাৱৰে জৰ্জৰিত এটি কাৰ্যালয়ে কিদৰে জনসাধাৰণৰ সমস্যা সমাধান কৰিব সেয়া সহজেই অনুমেয়৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে শীঘ্ৰে কৰ্মচাৰীৰ অভাৱ দুৰ কৰি কাৰ্যালয়টিৰ কামকাজ সুচাৰৰূপে সমাধান কৰাৰ দিশত ব্যৱস্থা ল’বলৈ দাবী জনাইছে সচেতন মহলে৷

Leave A Reply