Breaking

বোকাখাতৰ ৰোহিতাত বিজ্ঞান সন্মত প্ৰকল্পৰ অভাৱ : চৰকাৰলৈ প্ৰস্তাৱ বোকাখাতৰ অভিযন্তাৰ

0 30

১৯৬২ চনৰ পৰা আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ৮০দশকত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি বোকাখাত বিধানসভা সমষ্টিৰ মহুৰা মৌজাৰ বৰবালি আৰু ভলুকাগুৰি নামৰ দুখন গাঁও নদীখনৰ বুকুত জাহ গৈছিল।ইয়াৰ উপৰি বৃহৎ এলেকাৰ কৃষি ভূমি আৰু চৰ চাপৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰে। কালক্ৰমত নদীখন নেঘেৰিটিং-বংকুৱাল আৰু বংকুৱাল কৃষিবান্ধৰ কাষলৈ চাপি আহে। বৰ্তমান উত্তৰ -পূৱ বোকাখাতত চলি থকা গৰাখহনীয়াৰ মূল অভিকেন্দ্ৰ হিচাপে চিহ্নত হৈছে ৰোহিতা চাপৰিৰ সন্মখৰ পৰা দক্ষিণ-পশ্চিম দিশে সোমাই অহা ব্ৰহ্মপুত্ৰৰ এটা সুঁতি। দীৰ্ঘদিন ধৰি উক্ত বৃহৎ সুঁতিটোৱেদি সোমাই অহা বাঢ়নী পানীৰ প্ৰৱল সোঁতত ৰোহিতা, অফলা, কেমেৰি, বংকুৱাল, ৰিৰি নিকৰি, এলেংমাৰী আদি অঞ্চলত প্ৰায় ১০ কিলোমিটাৰ এলেকা ব্ৰহ্মপুত্ৰৰ ভয়াবহ গৰাখহনীয়া চলি আছে। ৰিৰি নিকৰি, এলেংমাৰী, বংকুৱাল আদি অঞ্চলত কোটি কোটি টকাৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি আহিছে যদিও গৰাখহনীয়াৰ মূল অভিকেন্দ্ৰ হিচাপে চিহ্নত ৰোহিতা চাপৰিত আজিকোপতি বিজ্ঞান সন্মত ব্যয়বহুল কোনো ধৰণৰ গৰাখহনীয়া প্ৰতিৰোধ প্ৰকল্প ৰূপায়ন কৰা নাই। গৰাখহনীয়াৰ কেন্দ্ৰ স্থল ৰোহিতাত খহনীয়া প্ৰতিৰোধ প্ৰকল্প নির্মাণ নকৰাৰ ফলস্বৰূপে বিভিন্ন অঞ্চলত ৰূপায়ন কৰা গৰাখহনীয়া প্ৰতিৰোধ আঁচনিসমূহ বানপানীৰ প্ৰকোপত উটি যোৱা অথবা বিধ্বস্ত হোৱা পৰিলক্ষিত হয়। গতিকে অতি শীঘ্ৰে উত্তৰ পূৱ বোকাখাতৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ মূল কেন্দ্ৰ স্থল ৰোহিতা চাপৰিত ?)গৰাখহনীয়া প্ৰতিৰোধৰ বৃহৎ প্ৰকল্প নির্মাণ কৰিবলৈ নৈপৰীয়া ৰাইজে চৰকাৰ তথা জলসম্পদ বিভাগক দাবী জনাইছে।
এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।উল্লেখযোগ্য জলসম্পদ বিভাগৰ (বোকাখাত) সহকাৰী কাৰ্যবাহী অভিযন্তা নয়নজ্যোতি তালুকদাৰে বোকাখাতৰ উত্তৰ-পূৱ অঞ্চলৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিজ্ঞান সন্মত বৃহৎ প্ৰকল্প ৰোহিতা চাপৰিত নিৰ্মাণ কৰাৰ উপৰি পূৱ ধনশিৰিৰ পৰা এলেংমাৰীলৈ প্ৰায় সাত কি:মি: দৈঘ্যৰ মথাউৰি নিৰ্মাণ প্ৰকল্পৰ প্ৰস্তাৱ চৰকাৰক প্ৰেৰণ কৰা বুলি সদৰী কৰিছে।

Leave A Reply