Breaking

লাহোৱাল প্ৰেছ ক্লাবৰ সপ্তদশ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

0 1,227

মদাৰখাত, ২ ডিচেম্বৰ : লাহোৱাল প্ৰেছ ক্লাবৰ সপ্তদশ প্ৰতিষ্ঠা দিৱস সাত ডিচেম্বৰত বেবেজীয়া, নিজ লাহোৱাল আৰু জাপিসজীয়া গাঁৱৰ ৰাইজৰ সহযোগত জাপিসজীয়া ৰাজহুৱা পেক্ষাগৃহত আয়োজন কৰা হৈছে। প্ৰতিষ্ঠা দিৱসটি সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ কনৌজ শইকীয়াক সভাপতি, বিপিন মেছক কাৰ্যকৰী সভাপতি আৰু প্ৰদীপ দাসক সম্পাদক হিচাপে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। দিনযোৰা কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰিব প্ৰেছ ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকাই আৰু স্মৃতি তৰ্পণ কৰিব প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক লখিন্দৰ কুৰ্মীয়ে। অভ্যৰ্থনা সমিতিৰ সভাপতি কনৌজ শইকীয়াই বৃক্ষৰোপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিব। অভ্যৰ্থনা সমিতিৰ সম্পাদক প্ৰদীপ দাসে মুকলি কুইজ আৰু মুকলি চিত্ৰাংকণ প্ৰতিযোগিতাৰ উদ্বোধন কৰিব। আবেলিৰ অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত ভৱকান্ত কোঁৱৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব। ডিব্ৰুগড়ৰ বিশিষ্ট সংগীতজ্ঞ ড° দিলীপ ৰঞ্জন বৰঠাকুৰক এই বঁটা প্ৰদান কৰাৰ লগতে বিশিষ্ট বা‌ঁহীবাদক অশ্বিনী শইকীয়াক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব। মুকলি সভাত মুখ্য অতিথি হিচাপে অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডা° নিৰ্মল কুমাৰ চাহেৱালা, নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° জ্যোতিপ্ৰসাদ শইকীয়াই অংশ গ্ৰহণ কৰিব। আমন্ত্ৰিত অতিথি ৰূপে দ্যা চেণ্টিনেল কাকতৰ জ্যেষ্ঠ সাংবাদিক ইকবাল আহমেদ, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়া, লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৃষিকেশ হাজৰিকা, হাতীআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ দত্তৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ কুমাৰ  ভৰালীয়ে অংশ গ্ৰহণ কৰিব। প্ৰতিষ্ঠা দিৱসৰ সকলো কাৰ্যসূচী সফল ৰূপায়নৰ বাবে ৰাইজৰ সহযোগিতা কামনা কৰিছে লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকা আৰু ভাৰপ্ৰাপ্ত সম্পাদক লখিন্দৰ কুৰ্মীয়ে।

Leave A Reply