Breaking

বিজ্ঞানৰ স্নাতক হৈয়ো গো-পালনৰে স্বাৱলম্বীতাৰ অৰ্পূৱ নিৰ্দশন দাঙি ধৰিছে নগাঁৱৰ লক্ষী প্ৰসাদ বৰাই।

0 1,147

নগাঁও : নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত ব্ৰাহ্মণ গাঁৱৰ লক্ষী প্ৰসাদ বৰা সম্প্ৰতি জিলা খনৰ আন নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। বিগত ১৯৯১ চনতে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী লাভ কৰা বৰাই নিৰ্দ্দিষ্ট সময়ত এটা চৰকাৰী চাকৰি যোগাৰ কৰি ল’ব নোৱাৰা হেতুকে তেওঁ মানসিক ভাৱে ভাগি পৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ চৰকাৰী চাকৰিৰ মোহ ত্যাগ কৰি আত্মৰ্ভৰশীল হোৱাৰ মানসেৰেই গো পালনৰ লগত জড়িত হৈ স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলায়।লক্ষী প্ৰসাদ বৰাই প্ৰকাশ কৰা মতে, তেওঁ ১৯৯৩চনত প্ৰথমে থলুৱা প্ৰজাতিৰ মাত্ৰ তিনি জনী গাই পালন কৰি গাখীৰ বিক্ৰী কৰিছিল।১৯৯৫চনত গাইৰ সংখ্যা পাঁচ জনীলৈ বৃদ্ধি পায়। ১৯৯৩চনতে গো পালনৰ লগত জড়িত হৈ পৰিলেও বৰাই সম্পূৰ্ণ ব্যৱসায়িক ভিৰ্তিত গো পালন আৰু দুগ্ধ উৎপাদনৰ লগতে ইয়াৰ ব্যৱসায় আৰম্ভ কৰে ১৯৯৯চনৰ ফেব্ৰুৱাৰী মাহতহে। তেওঁ ১৫জনী জাৰ্ছী গাই ক্ৰয় কৰি আনি এখন ফাৰ্ম আৰম্ভ কৰে।লাহে লাহে তেওঁৰ দুগ্ধ পামখনে সফলতাৰ মুখ দেখিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেঁওৰ ফাৰ্মত পশুধনৰ সংখ্যা ২৫-৩০টালৈ বৃদ্ধি পায়।ইয়াৰে দমৰা আৰু বৃদ্ধা গাই কেইজনী বিক্ৰী কৰি তেওঁ সংগৃহীত ধনেৰে এখন টেম্পুভানো ক্ৰয় কৰে। স্মৰ্তব্য যে, প্ৰথমাৱস্থাত বৰাই চাইকেলেৰে গাখীৰ গাঁৱে গাঁৱে ঘূৰি বিক্ৰী কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ড্ৰামত গাখীৰ ভৰাই সেই গাখীৰ সমূহ নগাঁও চহৰৰ একাংশ হোটেলত বিক্ৰী কৰিছিল বুলিও সদৰী কৰে।চহৰত গাখীৰ বিক্ৰীৰ সুবিধাৰ বাবেই তেওঁ গৰু-গাই বিক্ৰী কৰি টেম্পুভান খন ক্ৰয় কৰে বুলি সদৰী কৰি আৰু কয়যে, বৰ্তমান তেঁওৰ অতি উন্নত প্ৰজাতিৰ ১০জনী জাৰ্ছী গাই আছে।এই গাই কেইজনীৰ পৰা দৈনিক উৎপাদন হয় ৬০-৭০লিটাৰ পৰ্যন্ত গাখীৰ।গাখীৰ বিক্ৰী কৰিয়েই এতিয়া তেওঁ মাহিলী ৭৫-৮০হেজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।গাই খিৰোৱাৰ পাছত সেই গাখীৰ সমূহ তেওঁ টেম্পুভান খনৰে নিজেই আনি নগাঁও চহৰৰ একাংশ হোটেলত পুৱা আৰু বিয়লি যোগান ধৰে।কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে সমগ্ৰ দেশজুৰি তলাবন্ধ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ দুগ্ধ ব্যৱসায়ত কেইবামাহো ভীষণ লোকচান হয় যদিও এতিয়া তলাধন্ধ শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ ন উদ্যমেৰে দুগ্ধ ব্যৱসায় আৰম্ভ কৰিছে। সম্প্ৰতি বৰাই গাখীৰ সমূহ নগাঁও চহৰৰ কেইখনমান হোটেলৰ লগতে এক দুগ্ধ প্ৰতিষ্ঠানকো যোগান ধৰি আহিছে।তথাপিও শেহতীয়াকৈ চৰকাৰে চহৰ এলেকাত শণিবাৰ আৰু দেওবাৰে তলাবন্ধ বলবৎ কৰাত তেওঁ চিন্তিত হৈ পৰিছে।বৰাৰ এই শ্বেত বিপ্লৱৰ যাত্ৰাত সহযোগিতা আগবঢ়াইছে তেওঁৰ পত্নী জোনালী শইকীয়া বৰাই।এসময়ত অভাৱ আৰু দৰিদ্ৰতাৰ লগত যুঁজি থকা লক্ষী প্ৰসাদ বৰা এতিয়া আৰ্থিক ভাৱে স্বচ্ছল। দুগৰাকী কন্যা সন্তান সহ তেওঁ লোকৰ এখন সুখৰ সংসাৰ আছে । কোনো ধৰণৰ চৰকাৰী সহযোগিতা অবিহনে সম্পূৰ্ণ একক প্ৰচেষ্টাৰেই গো পালন আৰু দুগ্ধ উৎপাদনৰ জৰিয়তে স্বাৱলম্বী হৈ দহ জন নিৱনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা লক্ষী প্ৰসাদ বৰাই কয়,”ইচ্ছা থাকিলেই উপায় ওলায়।আচলতে কাম কৰাৰ এটা মানসিকতা থকা দৰ্কাৰ।কামৰ কোনো সৰু-ডাঙৰ নাই।নিষ্ঠা সহকাৰে কাম কৰিলে সৰু কামৰ জৰিয়তেও বিপূল সসলতা অৰ্জন কৰিব পাৰি।”স্মৰ্তব্য যে,বৰাৰ পশুধনৰ ফাৰ্ম খনত নাই কোনো কৰ্মচাৰী।সকলো কাম তেওঁ আৰু তেওঁৰ পত্নীয়ে নিজেই কৰে।গো পালনৰে এক শ্বেত বিপ্লৱৰ সূচনা কৰা লক্ষী প্ৰসাদ বৰাৰ এই ফফলতা প্ৰত্যক্ষ কৰি এতিয়া হাতীচোং,চকলাঘাট অঞ্চলৰ আন একাংশ শিক্ষিত নিবনুৱা যুৱকো গো পালনৰ সৈতে জড়িত হৈ পৰিছে বুলি জানিব পৰা গৈছে।

Leave A Reply