Breaking

নগৰবেৰাৰ নায়টৰত ভুমি কেন্দ্ৰিক খুড়া-ভতিজা দুই পক্ষৰ প্ৰচণ্ড মাৰপিট…

0 23

নগৰবেৰাৰ নায়টৰত ভুমি কেন্দ্ৰিক খুড়া-ভতিজা দুই পক্ষৰ প্ৰচণ্ড মাৰপিট, ভতিজা পক্ষৰ উপৰ্যুপৰি আক্ৰমণত খুড়াক পক্ষৰ চাৰিজনকৈ লোক আহত ।

জানিব পৰা মতে নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰ গাঁৱত এটুকুৰা মাটিক কেন্দ্ৰ কৰি খুড়া-ভতিজা দুই পক্ষৰ মাজত দীৰ্ঘদিনৰে পৰা চলি আহিছিল শীতল যুঁজ ।

তাৰ মাজতেই শনিবাৰৰ পুৱাই দুয়োপক্ষৰ মাজত প্ৰথমে তুমুল বাকবিতণ্ডা আৰু পাছলৈ সংঘটিত হয় ভয়ংকৰ মাৰপিট ।

উক্ত মাৰপিটত ভতিজাক পক্ষৰ আক্ৰমণত ক্ৰমে-আশ্চাহক আলী, আশ্চাদুল, আশ্চিয়া খাতুন আৰু আলীপ আলী গুৰুতৰভাৱে আহত হয় ।

আহতসকলৰ ভিতৰত আশ্চিয়া খাতুনৰ অৱস্থা সংকটজনক বুলি জানিব পাা গৈছে

আহত সকলক ততালিকে নগৰবেৰা খণ্ড প্ৰাঃ স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়



মাটিক কেন্দ্ৰ কৰি সংঘটিত এনে কুৰুক্ষেত্ৰই চাঞ্চল্য বিয়পাইছে অঞ্চল টোত

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

Leave A Reply