Breaking

ভূমিৰ শ্ৰেণী পৰিৱৰ্তন- এক ষড়যন্ত্ৰ

0 1,095

ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

অসম চৰকাৰে শেহতীয়াভাৱে কেবিনেটত ভূমিৰ শ্ৰেণী পৰিৱৰ্তন প্ৰক্ৰিয়া সৰলীকৰণৰ যি সিদ্ধান্ত লৈছে সেইয়া আমাৰ সাধাৰণ ৰাইজৰ ওপৰত এক ষড়যন্ত্ৰ যেন বোধ হয় ৷ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ কথা কৈ শাসনলৈ অহা চৰকাৰখনে প্ৰথমটো কাৰ্যকাল শেষ নহওঁতেই, ৰাইজে মহামাৰীৰ লগত যুঁজি থকাৰ সময়তে অতি কৌশলেৰে এনে এক সিদ্ধান্ত লৈছে৷ ফলস্বৰূপে নগৰৰ পাৰ্শ্বৱৰ্তী এলেকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এলেকাৰ কৃষিভূমিসমূহ হয়তো অচিৰেই বৃহৎ বণিক গোষ্ঠীক গতাই দিয়া হ’ব৷ যি সমূহ কৃষকৰ আজি পৰ্যন্ত ভূমিপট্টা নাই তেওঁলোকৰ জীৱিকাৰ প্ৰতি ভাবুকি আহিব৷ অকল চৰকাৰী ভূমিতেই ইয়াৰ প্ৰভাৱ সীমাবদ্ধ নহ’ব৷ এই সিদ্ধান্তৰ লগে লগে সক্ৰিয় হৈ উঠিব ভূ-মাফিয়া আৰু দালাল চক্ৰ এটা যিয়ে চলে বলে কৌশলে কল কাৰখানা স্থাপনৰ গইনা লৈ কৃষকৰ মাটি বেদখল কৰা অথবা অতি কম মূল্যত হস্তগত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ’ব ৷ অসমৰ খিলঞ্জীয়া মানুহৰ উত্তৰ পুৰুষৰ ভূমি অধিকাৰ খৰ্ব হ’ব৷ এনেও ঔদ্যোগিক ক্ষেত্ৰ সমূহৰ বহু নিলগলৈ সাধাৰণ মানুহৰ বসবাসৰ সুচল পৰিৱেশ নোহোৱা হৈ যায়৷ গাঁৱৰ মানুহে নিজৰ ভেটি বনিকৰ ওচৰত গটাব হয়তো বাধ্য হৈ যাব৷ ইয়াত ৰাইজৰ মতামতৰ কোনো মূল্যই নাথাকিব৷ চৰকাৰে এনে সিদ্ধান্ত পুনৰ বিবেচনা কৰা উচিত৷ অকল কৰ্ম সংস্থাপনৰ সুযোগ বাঢ়িব বুলি অসমীয়া যুৱক-যুৱতীক আভুৱা ভাৰিলে নহ’ব৷ আচৰিত ধৰণে এইক্ষেত্ৰত অসমৰ জাতীয় দল-সংগঠন প্ৰায়বোৰেই নিমাত হৈ থকা যেন বোধ হয়। ইয়াৰ কাৰণ দুটা হ’ব পাৰে৷ হয়তো এই ভূমি নীতি আমি ভুলকৈ বুজিছোঁ বা নিমাত সংগঠনৰ বিষয়ববীয়া ইতিমধ্যে মেনেজ হ’ল৷ সময়লৈ বাট চাম..

Leave A Reply