Breaking

সীমান্তৰ গেলেকীত নগা পাহাৰৰ ভূমিস্খলন। বাৰিষা দৈখনা নদীৰ বাঢ়নি পানীয়ে ধ্বংস কৰিছে দুশ বিঘাৰ অধিক ভূমিৰ চাহ গছ, এহেজাৰ বিঘা ভূমিৰ খেতি নষ্ট । নদী খনন আৰু মাথাউৰি নিৰ্মাণৰ দাবী “আছা”ৰ ।

0 1,170

নাজিৰা : চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ চুড়ান্ত দায়িত্বহীনতাৰ বাবেই নাজিৰা মহকুমাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত নগাপাহাৰৰ ব্যাপক ভূমিস্খলনৰ বাবে নগা পাহাৰৰ পৰা বৈ অহা দৈখনা নদীৰ বাবে সীমান্ত অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰায় ২শ বিঘাৰ অধিক ভূমিৰ চাহ গছ ধ্বংস হোৱাৰ লগতে প্ৰায় ১ হাজাৰ বিঘা ভূমিৰ ধান খেতি নষ্ট হৈছে। নগা পাহাৰৰ পৰা বৈ অহা দৈখনা নদীৰ বাঢ়নি পানীয়ে প্ৰতিবছৰে কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজৰ এনেদৰে ব্যাপক ক্ষতিসাধন কৰাত খেতিয়ক সকলে এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে। সেয়েহে “সদৌ অসম আদিবাসী ছাত্ৰ সন্থা”ৰ নাজিৰা আঞ্চলিক সমিতিয়ে নদীখনৰ পাৰত এটা উন্নত মানদণ্ডৰ মাথাউৰি নিৰ্মাণৰ লগতে নদীখন খননৰ দাবী জনাইছে।  উল্লেখ্য যে নাজিৰা মহকুমাৰ সীমান্তবৰ্তী গেলেকীৰ লাহন গাওঁ আৰু মৰাণ গাঁৱত অৱস্হিত দৈখনা নৈখন কেইবা বছৰ ধৰি নাগালেণ্ডৰ নগা পাহাৰৰ ভূমি স্খলন আৰু কয়লা, ঝুম আদি খেতিৰ বাবে কৰা খননৰ ফলত নদীখনত ব্যাপক ভূমি স্খলন হবলৈ ধৰে। এই ভূমিস্খলনৰ ফলত নগা পাহাৰৰ পৰা ওলোৱা দৈখনা নদীখনৰ বুকু একেবাৰে বাম হৈ পৰে। যাৰ ফলস্বৰূপে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে নদীখনৰ বাঢ়নী পানীয়ে সীমান্ত অঞ্চলটোত ক্ষুদ্ৰ চাহ খেতি আৰু ধান খেতিৰে জীৱন নিবাহ কৰা ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰায় ২শ বিঘা অধিক ভূমিৰ চাহ গছ ধ্বংস কৰাৰ লগতে ধান খেতিয়ক সকলৰ প্ৰায় ১ হাজাৰ বিঘা ধান খেতি নষ্ট কৰি আহিছে। ইয়াৰ উপৰি নগা পাহাৰত অবৈধ কয়লা খননৰ ফলত নিৰ্গত বিষাক্ত গেছ মিশ্ৰিত পানীয়ে পথাৰৰ উৎপাদন ক্ষমতা হ্ৰাস কৰাৰ লগতে বিভিন্ন ধৰণৰ ছালৰ বেমাৰ আৰু সেই পানী সেৱনৰ ফলত পশুধনকে আদি কৰি জীৱ-জন্তু ,চৰাই চিৰিকতি মৃত্যু মূখত পৰি সমগ্ৰ প্ৰাকূতিক পৰিবেশটো বিনষ্ট কৰি আহিছে। নৈখনৰ এনে তাণ্ডৰ বাবে সীমান্ত অঞ্চলটোৰ প্ৰায় শতাধিক খেতিয়কে এতিয়া সংকটৰ সময়ত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি মূৰে-কপালে হাত দিব লগা হৈছে। সীমান্ত অঞ্চলটোৰ খেতিয়ক সকলে ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগক এই ক্ষেত্ৰত ব্যৱস্হা গ্ৰহনৰ বাবে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো বিভাগটোৱে কোনো গুৰুত্ব প্ৰদান কৰা নাই। অৱশেষত উপায়ন্তৰ হৈ “সদৌ অসম আদিবাসী ছাত্ৰ সন্থা”ৰ নাজিৰা আঞ্চলিক সমিতিয়ে দৈখনা নৈখনৰ নামদাং নদীত পৰা সংযোগস্হলীৰ পৰা নগা পাহাৰৰ দিশত ওপৰলৈ চাৰি কিলোমিটাৰ আৰু বলমা বিলৰ সংযোগস্হলীলৈ প্ৰায় ১ কিলোমিটাৰ মুঠ পাঁচ কিলোমিটাৰ অতিশীঘ্ৰে খনন কৰাৰ লগতে নদীখনৰ কাষেদি এটা উন্নত মানদণ্ডৰ মাথাউৰি নিৰ্মাণৰ ব্যৱস্থা কৰি নদীখনৰ বাঢ়নী পানী নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ লগতে কৃষকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবী জনাই কালি নাজিৰা মহকুমাধিপতিক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছে। আঞ্চলিক সমিতিখনৰ সভাপতি ৰাজীৱ মিৰ্ধা আৰু সম্পাদক বিতুল কুৰ্মী য়ে স্বাক্ষৰ কৰা স্মাৰকপত্ৰখনত নদীখনৰ খনন আৰু মাথাউৰি নিৰ্মাণৰ যোগে উক্ত অঞ্চলৰ জন-ধন সুৰক্ষিত কৰাৰো দাবী জনাইছে সংগঠনটোৱে স্মাৰক পত্ৰৰ প্ৰতিলিপি ৰাজ্যৰ জল সম্পদ মন্ত্ৰী আৰু শিৱসাগৰ জিলা উপায়ুক্তকো প্ৰদান কৰে।

Leave A Reply