Breaking

কলিয়াবৰৰ বৰঘূলীত বৰলুইতৰ পুনৰ ভয়াবহ খহনীয়া : জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিত একাংশ ঠিকাদাৰৰ ময়মতালি ফল ভোগ কৰিছে নৈপৰীয়া ৰাইজে

0 41

কলিয়াবৰ

কলিয়াবৰৰ লুইতপৰীয়া বৰঘূলী অঞ্চললৰ বাৰিষাৰ প্ৰাৰম্ভতে লুইতৰ খহনীয়াই লৈছে ৰূদ্ৰ ৰূপ। কলিয়াবৰৰ ২ নং আৰু ৩ নং বৰঘূলী অঞ্চলত বৰলুইতৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়াবহ ৰূপ। ঈদৰ দিনৰ পৰা আৰম্ভ হোৱা গৰাখহনীয়াই ক্ৰমান্বয়ে ভয়ঙ্কৰ ৰূপ পৰিগ্ৰহণ কৰাত জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ বাবে সংকিত অঞ্চলটোৰ নৈপৰীয়া জনসাধাৰণ। বিগত বৰ্ষসমূহৰ দৰেই কলিয়াবৰৰ বৰঘূলীৰ ৰাইজৰ বাবে পুনৰ এক দুঃস্বপ্ন হৈ ধৰা দিছে বৰলুইতৰ খহনীয়াই। ক্ৰমান্বয়ে ভয়ঙ্কৰ ৰূপ লৈ আহিল বৰলুইতৰ গৰাখহনীয়াই। বিগত প্ৰায় দুই দশক ধৰি অঞ্চলটোত হোৱা বৰলুইতৰ গৰাখহনীয়াত ঘৰ-ভেটি উচন হৈছে কেইবাসহস্ৰাধিক পৰিয়ালৰ। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বিশ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি। দিনক দিনে সংকুচিত হৈ আহিছে বৰঘূলীৰ ভৌগলিক মানচিত্ৰ। চৰকাৰেও অঞ্চলটোৰ সুৰক্ষাৰ বাবে  জলসম্পদ বিভাগৰ জৰিয়তে ব্যয় কৰিছে কোটি-কোটি টকা। কিন্তু, চৰকাৰে অঞ্চলটোৰ সুৰক্ষাৰ বাবে অনুমোদন জনোৱা আচঁনিসমূহ একাংশ ঠিকাদাৰে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত কৰাত কাৰ্য‍তঃ অঞ্চলবাসী পুনৰ ভয়াৱহ ভৱিষ‍্যতৰ দিশে গতি কৰিছে। আঁচনিসমূহ  উপযুক্ত সময়ত উচিতভাৱে ৰূপায়ণ নকৰাৰ বাবেই বৰঘূলিৰ জনসাধাৰণ বছৰৰ পাছত বছৰ ধৰি সন্মুখীন হৈ আহিছে দুৰ্ভোগৰ। অঞ্চলটোত জলসম্পদ বিভাগৰ আঁচনি ৰূপায়ণৰ দায়িত্ববাহী একাংশ ঠিকাদাৰে কৰা মানদণ্ডহীন কামৰ বিষম পৰিণতি ভোগ কৰিবলগা হৈছে নৈপৰীয়া ৰাইজে৷ পূৰ্বৰ খহনীয়াৰ ফলত সৰ্বস্ব হেৰুৱাই হৈছে নিঠৰুৱা হোৱা নৈপৰীয়া পৰিয়ালৰ লগত কেৱল যোগ হৈছে নতুন পৰিয়ালৰ সংখ‍্যা। স্বয়ং জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিতে একাংশ ঠিকাদাৰক নাকী লগাব নোৱাৰাতো চৰম পৰিতাপৰ বিষয় বুলি স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে পুনৰ গৰা খহনীয়াৰ কবলত পৰিছে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰৰ বৰঘূলী অঞ্চল। বছৰৰ বাৰিষাৰ প্ৰাৰম্ভতে হোৱা মহাবাহুৰ এই খহনীয়াই বছৰৰ শেষলৈ বৰঘূলী অঞ্চলৰ কি ৰূপ লয় সেইয়া সময়হে ক’ব। 

Leave A Reply