Breaking

মাজবাটত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ : মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ তিনিটা এ কে-৫৬ ৰাইফলৰ লগতে তিনিটা মেগজিনসহ ২০ জাই সজিব গুলী

0 1,075

ওৰাং : বি টি চি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মঙ্গলবাৰে পুৱতি নিশা পুনৰ মাজবাটত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ  উদ্ধাৰ। মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত দেউচানীৰ পাগলা নৈৰ পাৰত মাটিত পুটি থোৱা অৱস্থাত উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি৷ ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক বিদুৎ দাস বড়ো, উপ আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত চলিছিল এই অভিজান৷ এই অভিজানত সহযোগ কৰে মাজবাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰাজা ইৰছাদ আৰু ৰৌতা আৰক্ষী থানাৰ আৰক্ষী বিষয়া হেমন্ত বৰুৱাই৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে নিশা চলাইছিল এই অভিযান। অভিযান চলাই ওদালগুৰি আৰক্ষীয়ে পাগলা নৈৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে তিনিটা এ কে-৫৬ ৰাইফলৰ লগতে তিনিটা মেগজিন আৰু ২০ জাই সজিব গুলী৷ মাৰণাস্ত্ৰ উদ্ধাৰ হোৱাক লৈ  বি টি চি পৰিষদীয় নিৰ্বাচন ৰক্তাক্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন ৰাইজে। বড়ো ভূমিত উগ্ৰপন্থী সংগঠনে বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পিছত চৰকাৰৰ হাতত জমা দিছিল বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ। কিন্তু লক্ষণীয়ভাৱে সঘনাই বড়ো ভূমিত অবৈধ মাৰনাস্ত্ৰ উদ্ধাৰ হৈছে। এয়া কোনো উগ্ৰপন্থী সংগঠনৰ মাৰণাস্ত্ৰ নে? প্ৰকৃততে উগ্ৰপন্থী সংগঠনে চৰকাৰৰ ওচৰত জমা দিয়া নাছিল মাৰণাস্ত্ৰসমূহ। এই প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ মুখে মুখে৷

Leave A Reply